• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, April 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মন্ত্ৰী হিমন্ত-জীয়ৰীৰ বিকৃত ফটোৰ বাতৰি প্ৰকাশৰ সৈতে জৰিত ৰাকেশ পালৰ ঘনিষ্ঠ হেমন্ত হিল্লোল শইকীয়া!

বৰ্তমানো পলাতক APSC ৰ প্ৰাক্তন কলংকিত বিষয়া তথা বদনামী সাংবাদিক হেমন্ত হিল্লোল

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 25, 2021 8:09 pm

2 min read

899
VIEWS
Share on FacebookShare on Twitter

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ জীয়ৰীৰ সৈতে উঠা ফটোৰ বিকৃত ৰূপ প্ৰদান কৰি বাতৰি পৰিৱেশন কৰাৰ ক্ষেত্ৰত মূল মাষ্টাৰ মাইণ্ড হিচাপে কলংকিত প্ৰাক্তন APSC বিষয়া তথা সাংবাদিক হেমন্ত হিল্লোল শইকীয়াৰ বিৰুদ্ধে অভিযোগ উঠিছে।

বৰ্তমানো পলাতক বিতৰ্কিত প্ৰাক্তন ডিএছপি হেমন্ত হিল্লোল। মহানগৰ আৰক্ষীয়ে তেওঁৰ সন্ধান চলাই থকা বুলি জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী আয়ুক্ত গৌতম বৰাই।

তেওঁ লগতে জনায় যে হিমন্ত হিল্লোলৰ নামো এই ফটো বিতৰ্কৰে সৈতে জৰিত থকাৰ অভিযোগ উঠিছে।

সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা তফিকউদ্দিন আহমেদ, আছিফ ইকবাল হুছেইন,নজৰুল হুছেইন,নজমুন হক আৰু নিজুল আলীক সোধা-পোছা অৱ্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

কিন্তু তেওঁলোকৰ ভিতৰত এজনে আনজনৰ ওপৰত দোষ জাপি দিয়া বুলি আৰক্ষী সুত্ৰত প্ৰকাশ পোৱাৰ উপৰিও বৰ্তমানো পলাতক হৈ থকা অভিযুক্ত কেইজনক একেলগে বহাই সোধা-পোছা কৰিলেহে সমগ্ৰ বিষয়টোৰ উত্তৰ পাব বুলি আৰক্ষীয়ে দাবী কৰে।

যোৱা ১৭ ফেব্ৰুৱাৰিত প্ৰতিবিম্ব লাইভ নামৰ এটা ৱেব পৰ্টেলৰ সম্পাদকসহ ২ গৰাকী সাংবাদিক আৰু ৩ সংবাদ কৰ্মীক গ্ৰেপ্তাৰ কৰিছিল মহানগৰ আৰক্ষীয়ে।

ধেমাজিৰ ঘোঘোহা গাওঁৰ বাসিন্দা বিতৰ্কিত হেমন্ত হিল্লোলৰ কেলেংকাৰীৰ তালিকাখন অতি দীঘলীয়া। প্ৰথমে ডিব্ৰু মহাবিদ্যালয়ত ভূৱা জাতিগত প্ৰমাণপত্ৰ দি চাকৰি লৈ ধৰা পৰি চাকৰি হেৰুৱাইছিল বুলি জানিব পৰা গৈছে। তাৰ পাছতে গুৱাহাটীৰ সতী সাধিনী সেৱাশ্ৰমত কিছুদিন সেৱক হিচাপে কাম কৰি পাছত ব্যক্তিগত টেলিভিছন চেনেলত সাংবাদিক হিচাপে কিছুদিন কাৰ্য্যনিৰ্বাহ কৰে।

তাৰ পাছতে তেওঁ ৰাকেশ পালৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠে। তেনে সুবাদতে তেওঁ বক্ৰপথৰে APSC পৰীক্ষাত উত্তীৰ্ণ হৈ ডিএছপি হিচাপে নিযুক্তি লাভ কৰিছিল।

উল্লেখ্য যে শইকীয়াই এপিএছচিৰ গোচৰত ইতিমধ্যে কাৰাবাস খাটি জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিছিল।

বিতৰ্ক আৰু কেলেংকাৰীয়ে লগ নেৰা এই হিমন্ত হিল্লোল এইবাৰ নামি পৰিল ফটো বিকৃতি কৰাত।

Recent News

a ccc

কামৰূপ মেট্ৰ’ৰ শিক্ষানুষ্ঠান বন্ধ সন্দৰ্ভত জিলা উপায়ুক্তক সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ  প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Last-Rites-of-Bhitali-Das-750x430

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd