• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমাজনৰ গভীৰ অৰণ্যত ২৫০০ বছৰ পুৰণি উন্নত সভ্যতাৰ সন্ধান: উজাগৰ হ’ল নতুন ৰহস্য

ইউৰোপীয় অভিযাত্ৰীসকল তেতিয়াও দক্ষিণ আমেৰিকাৰ উপকূলত উপস্থিত হোৱাগৈ নাছিল। সেয়া আছিল আজিৰ পৰা প্ৰায় আঢ়ৈ হাজাৰ বছৰ, অৰ্থাৎ আনুমানিক ৬০০ খ্ৰীষ্টপূৰ্বাব্দৰ কথা। সেই সময়তো আমাজনৰ গভীৰ অৰণ্যত গঢ়ি উঠিছিল এক উন্নত সভ্যতা, য'ত বাস কৰিছিল লক্ষ লক্ষ মানুহ। শেহতীয়াকৈ এক গৱেষণাত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2026 12:15 pm
70
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউৰোপীয় অভিযাত্ৰীসকল তেতিয়াও দক্ষিণ আমেৰিকাৰ উপকূলত উপস্থিত হোৱাগৈ নাছিল। সেয়া আছিল আজিৰ পৰা প্ৰায় আঢ়ৈ হাজাৰ বছৰ, অৰ্থাৎ আনুমানিক ৬০০ খ্ৰীষ্টপূৰ্বাব্দৰ কথা। সেই সময়তো আমাজনৰ গভীৰ অৰণ্যত গঢ়ি উঠিছিল এক উন্নত সভ্যতা, য’ত বাস কৰিছিল লক্ষ লক্ষ মানুহ। শেহতীয়াকৈ এক গৱেষণাত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। ১৪৯২ চনত খ্ৰিষ্টোফাৰ কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰাৰ আগৰ সময়ছোৱাক প্ৰাক-কলম্বিয়ান যুগ বুলি কোৱা হয়। এই যুগত আমাজনৰ অৰণ্য কেনেকুৱা আছিল, তাক লৈ দীৰ্ঘদিন ধৰি বিশেষজ্ঞসকলৰ মাজত ভ্ৰান্ত ধাৰণা আছিল। বহু সময় ধৰি অনুমান কৰা হৈছিল যে এই যুগত আমাজনত কোনো সমৃদ্ধ সভ্যতা নাছিল। কিন্তু বিগত কেইবছৰমানত এই ধাৰণা সম্পূৰ্ণৰূপে সলনি হৈছে। শেহতীয়াকৈ সন্ধান পোৱা এই নতুন সভ্যতাটো আনুমানিক ৬০০ খ্ৰীষ্টপূৰ্বাব্দত আৰম্ভ হৈ ৮৫০ খ্ৰীষ্টাব্দলৈকে বৰ্তি আছিল বুলি গৱেষকসকলে দাবী কৰিছে। অৰ্থাৎ ইউৰোপীয়সকল আমাজনত উপস্থিত হোৱাৰ প্ৰায় দুহেজাৰ বছৰ আগতেই এই সভ্যতাৰ সূচনা হৈছিল।

 

Apply Now

ফিনলেণ্ডৰ হেলচিঙ্কি বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলে কৰা এই গৱেষণাটো শেহতীয়াকৈ বিখ্যাত বিজ্ঞান আলোচনী ‘নেচাৰ’ত প্ৰকাশ পাইছে। গৱেষকসকলৰ দাবী অনুসৰি, দক্ষিণ-পশ্চিম আমাজনত প্ৰায় ১ লাখ ৮৩ হাজাৰ বৰ্গকিলোমিটাৰ এলেকা জুৰি এই ‘একুইৰি সভ্যতা’ গঢ়ি উঠিছিল। ইয়াত এসময়ত প্ৰায় ১২.৫ ৰ পৰা ৩০ লাখ মানুহে বাস কৰিছিল বুলি অনুমান কৰা হৈছে। পূৰ্বতে বিজ্ঞানীসকলে অনুমান কৰিছিল যে প্ৰাক-কলম্বিয়ান যুগত সমগ্ৰ আমাজনৰ জনসংখ্যা ১ কোটিৰ ভিতৰত আছিল। কিন্তু নতুন আৱিষ্কাৰে ইংগিত দিছে যে প্ৰাচীন আমাজনৰ মুঠ জনসংখ্যা কেইবা কোটিও হ’ব পাৰে।

 

হেলচিঙ্কি বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰথমে আমাজনৰ জংঘলৰ এটা নিৰ্দিষ্ট অঞ্চলত ৪০০ ৰো অধিক ধ্বংসাৱশেষ চিহ্নিত কৰে। ইয়াৰ পিছত তেওঁলোকে আকাশৰ পৰা আমাজন অৰণ্যৰ এক বিস্তীৰ্ণ অঞ্চল ‘লাইডাৰ’ (LiDAR) প্ৰযুক্তিৰে লেজাৰ স্কেন কৰে। এই অত্যাধুনিক স্কেনৰ পৰা জনা গৈছে যে সেই অঞ্চলত আনুমানিক ২০ হাজাৰৰো অধিক মানৱসৃষ্ট মাটিৰ টিলা আছিল, যাৰ ভিতৰত কিছুমান প্ৰায় ১২৪ একৰ এলেকা জুৰি বিস্তৃত আছিল।

 

শেহতীয়া গৱেষণাৰ পৰা প্ৰাচীন এই সভ্যতাৰ মানুহৰ জীৱনশৈলীৰ বিষয়েও কিছু আমোদজনক আভাস পোৱা গৈছে। প্ৰাচীন এই সভ্যতাৰ মানুহে উন্নত পদ্ধতিৰে গোমধান, স্কোৱাছ আৰু মেণিঅ’কৰ খেতি কৰিছিল। চহৰখনৰ মাজেৰে বহল ৰাস্তা আছিল আৰু উদ্যানপালনৰো ব্যৱস্থা আছিল। এই অঞ্চলত প্ৰাকৃতিকভাৱে ডাঙৰ শিল নথকাৰ বাবে তেওঁলোকে সকলো নিৰ্মাণ কাৰ্য মাটিৰে কৰিছিল। ইয়াৰ উপৰিও জ্যামিতিক আৰ্হিৰ বিভিন্ন মাটিৰ কামৰ সন্ধান পোৱা গৈছে, যিয়ে প্ৰমাণ কৰে যে এই জনগোষ্ঠী যথেষ্ট সমৃদ্ধ আৰু সুসংগঠিত আছিল।

 

কিন্তু ৮৫০ খ্ৰীষ্টাব্দত কি কাৰণে এই বিশাল আৰু উন্নত সভ্যতাটো হঠাতে ধ্বংস হৈ গৈছিল, সেয়া আজিও অস্পষ্ট। আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল, প্ৰায় একে সময়তে অৰ্থাৎ ৭৫০ ৰ পৰা ৯০০ খ্ৰীষ্টাব্দৰ ভিতৰত মধ্য আমেৰিকাৰ বিখ্যাত মায়া সভ্যতাৰো পতন ঘটিছিল। দুয়োটা সভ্যতাৰ প্ৰায় একে সময়তে পতন ঘটাটো কেৱল কাকতালীয় নে ইয়াৰ আঁৰত কোনো প্ৰাকৃতিক কাৰণ আছিল, সেই উত্তৰ গৱেষকসকলৰ বাবে আজিও আধৰুৱা। এই বিষয়ে অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd