কাজিৰঙাৰ কাষৰীয়া গাঁওৰক্ষী সংগঠনলৈ আৰণ্যকৰ সৌজন্যত টৰ্চ লাইট বিতৰণ

torch light distribution

টৰ্চ লাইট বিতৰণৰ দৃশ্য

ৰাজ্যৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ সৌজন্যত জাৰ্মানীৰ আটিলা হিল্ডমেন নামৰ ব্যক্তিজনৰ বিশেষ সহযোগত আজি কাজিৰঙাৰ কাষৰীয়া গাঁও সমূহৰ গাঁওৰক্ষী সংগঠনৰ সদস্য সকললৈ বিনামূলীয়া টৰ্চ লাইট বিতৰণ কৰা হয়৷

এই উপলক্ষে আজি বোকাখাত আৰক্ষী থানাৰ চৌহদত গাঁওৰক্ষী সংগঠনৰ বিশেষ সহযোগত এক বিশেষ সভা অনুষ্ঠিত হয়৷

গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত আৰণ্যকৰ জেষ্ঠ সমন্বয়ক মানস কুমাৰ ভট্টচাৰ্যই আৰণ্যকৰ বিভিন্ন কাৰ্যসুচীৰ লগতে কাজিৰঙাৰ কাষৰীয়া গাঁৱৰ গাঁওৰক্ষী গোট সমূহৰ দক্ষতা বৃদ্ধিৰ বাবে টৰ্চ লাইটৰ যোগান ধৰাৰ বিষয়ে সবিশেষ বাখ্যা কৰে৷

অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, মহকুমা আৰক্ষী বিষয়া ডা৹ কল্যান দাস, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য, গাঁওৰক্ষী সংগঠনৰ থানা সমিতিৰ সভাপতি মৃদুল বৰা আৰু  কাৰ্যবাহী বিষয়া আৰিফ আহমেদ আৰু সমাজ কৰ্মী প্ৰহ্লাদ দাস উপস্থিত থাকে৷

ভাষণ প্ৰসংগত মহকুমাধিপতি বিবেক শ্যামে কাজিৰঙাত গঁড় হত্যা হ্ৰাস পোৱাৰ উদ্ধৃতিৰে ইয়াৰ বাবে গাওঁৰক্ষী বাহিনীৰ বিশেষ অৰিহণা থকা বুলি মন্তব্য কৰে৷

অনুষ্ঠানত কাজিৰঙাৰ কাষৰীয়া মুঠ ৮০ খন গাঁওৰক্ষী বাহিনীক তিনিটাকৈ টৰ্চ লাইট প্ৰদান কৰা হয়৷

আৰণ্যকৰ এই সাহায্যৰ বাবে মহকুমা আৰক্ষী বিষয়া ডা৹ কল্যান দাসে গাওঁৰক্ষীৰ হৈ ধন্যবাদ জ্ঞাপন কৰে৷