• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

বহুলোকে ভাবে যে চকুৰ তলত পৰা কলা দাগ বা ডাৰ্ক চাৰ্কল কেৱল টোপনি ক্ষতি হোৱাৰ বাবে হয়। সেয়েহে নিয়মীয়াকৈ ৭-৮ ঘণ্টা শুই উঠাৰ পিছতো যেতিয়া আইনাত চকুৰ তলত কলা দাগ দেখা পায়, তেতিয়া নিৰাশ হোৱাটো স্বাভাৱিক।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2026 6:50 am
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহুলোকে ভাবে যে চকুৰ তলত পৰা কলা দাগ বা ডাৰ্ক চাৰ্কল কেৱল টোপনি ক্ষতি হোৱাৰ বাবে হয়। সেয়েহে নিয়মীয়াকৈ ৭-৮ ঘণ্টা শুই উঠাৰ পিছতো যেতিয়া আইনাত চকুৰ তলত কলা দাগ দেখা পায়, তেতিয়া নিৰাশ হোৱাটো স্বাভাৱিক। কিন্তু চিকিৎসকসকলৰ মতে, ইয়াৰ কাৰণ কেৱল টোপনিৰ অভাৱেই নহয়। বংশগত কাৰণ, বয়স, এলাৰ্জি, শৰীৰত পানীৰ অভাৱ, অত্যাধিক সময় স্ক্ৰীণত চোৱা আৰু কিছুমান ভিটামিন বা খনিজ পদাৰ্থৰ অভাৱৰ বাবেও এই সমস্যা হ’ব পাৰে। সেয়েহে দামি ক্ৰীম সনাৰ আগতে ইয়াৰ প্ৰকৃত কাৰণটো বিচাৰি উলিওৱাটো অতি প্ৰয়োজনীয়।

টোপনি কম হ’লে চকুৰ তলৰ কলা দাগ বেছি স্পষ্ট হৈ পৰিব পাৰে, কিন্তু এয়াই একমাত্ৰ কাৰণ নহয়। ছালৰ যত্ন সম্পৰ্কীয় এখন গৱেষণা পত্ৰৰ মতে, ডাৰ্ক চাৰ্কলৰ আঁৰত বহুতো কাৰণ থাকিব পাৰে আৰু সকলোৰে ক্ষেত্ৰত এই কাৰণ একে নহয়। পৰিয়ালৰ আন সদস্যৰ চকুৰ তলত এনে দাগ থাকিলে ই বংশগত কাৰণতো হ’ব পাৰে। বহুতো লোকৰ চকুৰ তলৰ ছাল স্বাভাৱিকতেই পাতল আৰু সংবেদনশীল হয় যাৰ বাবে ৰক্তনলীবোৰ নীলা বা বেঙুনীয়া ৰঙৰ দেখা যায় আৰু মানুহে ইয়াক ডাৰ্ক চাৰ্কল বুলি ভাৱে। ইয়াৰ উপৰিও ধূলি বা বতৰৰ পৰিৱৰ্তনৰ বাবে হোৱা এলাৰ্জিৰ ফলতো চকুৰ চাৰিওফালে ফুলি উঠিব পাৰে আৰু সঘনাই চকু খজুৱাই থকাৰ অভ্যাস থাকিলেও সমস্যা বৃদ্ধি পায়।

Apply Now

বয়স বঢ়াৰ লগে লগে ছালৰ গঠন সলনি হৈ চকুৰ তলত ছাঁৰ দৰে পৰে। দিনটোৰ সৰহভাগ সময় মোবাইল বা লেপটপৰ আগত কটালে চকুৰ ওপৰত অতিৰিক্ত চাপ পৰে আৰু চকু শুকান তথা ভাগৰুৱা হৈ পৰে। আইৰণ, ভিটামিন বি১২, বা ভিটামিন কে আদিৰ দৰে পুষ্টিৰ অভাৱ হ’লেও ছাল শেঁতা পৰে আৰু চকুৰ তলৰ ৰক্তনলীবোৰ স্পষ্ট হৈ পৰে। আনহাতে, শৰীৰত পানীৰ পৰিমাণ কমি গ’লে বা অত্যাধিক ৰ’দত ওলালে ছালত মেলানিন বৃদ্ধি পাই চকুৰ তলৰ কলা দাগ বেছি গাঢ় কৰি তোলে।

সকলো ধৰণৰ কলা দাগ একে নহয়। কিছুমান অত্যাধিক মেলানিনৰ বাবে হয়, কিছুমান ৰক্তনলীৰ বাবে আৰু আন কিছুমান চকুৰ গঠন বা বয়সৰ বাবে হয়। এই সমস্যা দূৰ কৰিবলৈ কেৱল টোপনি বঢ়োৱাই যথেষ্ট নহয়, জীৱনধাৰণৰ কিছুমান পৰিৱৰ্তনৰো প্ৰয়োজন। এলাৰ্জি থাকিলে চিকিৎসা কৰোৱা, পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা, পৰ্যাপ্ত পৰিমাণে পানী খোৱা, ৰ’দত ওলালে ছানস্ক্ৰীণ ব্যৱহাৰ কৰা আৰু মাজে মাজে স্ক্ৰীণৰ পৰা বিৰতি লোৱাটো অতি দৰকাৰী। প্ৰয়োজনবোধে চিকিৎসকৰ পৰামৰ্শ মতে সঠিক ছালৰ যত্ন লোৱা সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে।

যদি হঠাতে চকুৰ তলৰ কলা দাগ বহুত বেছি হৈ যায় বা ইয়াৰ লগত অত্যাধিক ভাগৰ, ৰক্তহীনতাৰ লক্ষণ, দীৰ্ঘদিনীয়া এলাৰ্জি বা ছালৰ আন কিবা সমস্যা দেখা দিয়ে, তেন্তে পলম নকৰি লগে লগে চিকিৎসকৰ কাষ চাপিব লাগে। কিয়নো, বহু সময়ত এই সমস্যা কেৱল সৌন্দৰ্যৰ সমস্যাই নহয়, ই শৰীৰৰ ভিতৰত লুকাই থকা আন কোনো স্বাস্থ্যজনিত সমস্যাৰো ইংগিত হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd