• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘আপুনি ঘূৰি অহাৰ নিশ্চয়তা আছেনে?’ বিদেশলৈ যাব বিচৰা শ্বীনা বৰা হত্যাকাণ্ডৰ অভিযুক্ত ইন্দ্ৰানীক প্ৰশ্ন ছুপ্ৰীম কোৰ্টৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2025 10:52 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৩ বছৰতকৈও অধিক সময়ৰ পাছতো শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰ এতিয়াও সমাধান হোৱা নাই। এই গোচৰৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীয়ে বিদেশ ভ্ৰমণৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। সেই আৱেদন বুধবাৰে নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। এই সময়ত অভিযুক্ত প্ৰাক্তন সংবাদ মাধ্যমৰ কাৰ্যবাহীগৰাকীয়ে দেশৰ বাহিৰত ভৰি দিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে। তদুপৰি হত্যাকাণ্ডৰ গোচৰৰ ক্ষিপ্ৰ বিচাৰ বিচাৰৰ বাবে আদালতক নিৰ্দেশ দিয়া হৈছে।

ইন্দ্ৰানীয়ে বিদেশ ভ্ৰমণৰ অনুমতি লাভ কৰিছিল মুম্বাইৰ এখন বিশেষ আদালতৰ পৰা। সেই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়লৈ গৈছিল চিবিআই। ২৭ ছেপ্টেম্বৰত উচ্চ ন্যায়ালয়ে চিবিআইৰ সপক্ষে ৰায় দিয়ে। ইয়াৰ পাছতে আদালতে নিম্ন আদালতৰ নিৰ্দেশ খাৰিজ কৰে। ইয়াৰ পাছতে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই ইন্দ্ৰানীয়ে পুনৰ উচ্চতম ন্যায়ালয়লৈ যায়।

Apply Now

বুধবাৰে ন্যায়াধীশ এমএম সুন্দৰেশ আৰু ন্যায়াধীশ ৰাজেশ বিন্দলৰ বিচাৰপীঠে বিচাৰ আদালতক এবছৰৰ ভিতৰত গোচৰটো নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিয়ে। অৱশ্যে চিবিআইৰ অধিবক্তাগৰাকীয়ে এইয়া স্পৰ্শকাতৰ বিষয় বুলি প্ৰত্যুত্তৰ দিয়ে। ইতিমধ্যে ৯৬ জন সাক্ষীৰ সাক্ষ্য লোৱা হৈছে। এই গোচৰৰ তদন্ত প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। ইয়াৰ পিছতে ন্যায়াধীশে ইন্দ্ৰানীৰ অধিবক্তাক সুধিলে, “বিদেশলৈ গ’লে ঘূৰি আহিব বুলি কোনে নিশ্চয়তা দিছে? গোচৰৰ সমাধান নোহোৱালৈকে দেশ এৰি যাব নোৱাৰিব।”

অৱশ্যে ইন্দ্ৰানীৰ অধিবক্তাই কয় যে উচ্চতম ন্যায়ালয়ে তেওঁৰ ক্লায়েণ্টক জামিন মঞ্জুৰ কৰিছে আৰু এই গোচৰত এতিয়াও ৯২জন সাক্ষীৰ জেৰা বাকী আছে। সমগ্ৰ পৰীক্ষাটো সম্পূৰ্ণ হ’বলৈ বহু সময় লাগিব পাৰে।

উল্লেখ্য যে, ২০১২ চনৰ পৰাই আৰম্ভ হৈছিল শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰ। বৰ্তমান এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে। ইন্দ্ৰানীয়ে ২০১৫ চনত কন্যাক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অভিযোগ অনুসৰি ২০১২ চনৰ এপ্ৰিল মাহত শ্বীনাক প্ৰাক্তন স্বামী আৰু চালকৰ সৈতে পৰিকল্পনা কৰি হত্যা কৰিছিল। সেই অভিযোগৰ ভিত্তিত ২০১৫ চনত ইন্দ্ৰানীক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে ইন্দ্ৰানীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে। প্ৰায় সাত বছৰ কাৰাগাৰত থকাৰ পাছত ২০২২ চনত ইন্দ্ৰানীয়ে জামিন লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd