অৰ্জুন ভোগেশ্বৰ বৰুৱাক বীৰ চিলাৰায় বঁটা প্ৰদান মুখ্য মন্ত্ৰীৰ

Bhogeswar Baruah awarded

অৰ্জুন ভোগেশ্বৰ বৰুৱাক বীৰ চিলাৰায় বঁটা প্ৰদান মুখ্য মন্ত্ৰীৰ

বঙাইগাৱঁৰ আই টি আইৰ খেলপথাৰত আজি অনুষ্ঠিত বীৰ চিলাৰায় দিৱসত অৰ্জুন ভোগেশ্বৰ বৰুৱাক বীৰ চিলাৰায় বঁটা প্ৰদান মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ৰাজ্যখনৰ বিশিষ্ট ক্ৰীড়াবিদগৰাকীক দিয়া সন্মানীয় বঁটাটোত অন্তৰ্ভুক্ত আছে এখন প্ৰশস্তি পত্ৰ, শৰাই, অংগবস্ত্ৰ আৰু ৩ লাখ টকাৰ এখন চে’ক।

দৌৰবিদ ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা বিজয়ী প্ৰথমজন অসমীয়া।

১৯৪০ চনৰ ৩ ছেপ্তেম্বৰত শিৱসাগৰত জন্ম হোৱা বৰুৱাই ১৯৬৬ চনৰ বেংককত অনুষ্ঠিত এছিয়ান গেইমছত ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰাৰ লগতে প্ৰতিযোগিতাৰ নতুন অভিলেখ স্থাপন কৰিছিল।

এছিয়ান গেইমছত সোণৰ পদক অৰ্জন কৰা তেৱেঁ প্ৰথমজন অসমীয়া।

১৯৬৬ চনত বৰুৱাক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়। অসম চৰকাৰে তেওঁৰ প্ৰতি সন্মান দেখুৱাই প্ৰতি বছৰে ৩ ছেপ্তেম্বৰত তেখেতৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰি আহিছে।

আজি চিলাৰায় বঁটা প্ৰদান কৰি মুখ্য মন্ত্ৰী সোণোৱালে নিজৰ বক্তব্যত বীৰ চিলাৰায়ৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। বীৰজনাৰ আদৰ্শ আজিৰ প্ৰজন্মৰ বাবে অনুকৰণীয় বুলি কৈ তেওঁ কয়, “চিলাৰায়ৰ আদৰ্শ আৰু জীৱন দৰ্শনেৰে আমি আগ বাঢ়িব লাগিব”।

মুখ্য মন্ত্ৰীয়ে লগতে কয় যে চৰকাৰখন ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ আশা-আকাংক্ষাক ৰূপায়ণৰ বাবে দায়বদ্ধ।

কোচ ৰজাৰ সেনাপতি চিলাৰায়ৰ প্ৰসংগ উল্লেখেৰে ৰাজবংশী লোকসকলৰ প্ৰশংসা কৰি তেওঁলোক পৰিশ্ৰমী আৰু উৎসৰ্গিত মনোভাবৰ বুলি কয়।

“অসমক সকলো ক্ষেত্ৰতে আগুৱাই নিয়াৰ বাবে এই জনগোষ্ঠীৰ লোকসকলে বিশেষ ভূমিকা ল’ব লাগিব”, সোণোৱালে কয়।