জম্মু-কাশ্মীৰত পুনৰ সংঘৰ্ষ: সেনাৰ বাহনত আক্ৰমণ সন্ত্ৰাসবাদীৰ
জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হৈছে সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। প্ৰকাশিত খবৰ অনুসৰি, আজি উপত্যকাটোৰ পুঞ্চত সেনাবাহিনীৰ এখন বাহনত আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীয়ে।জিলাখনৰ থানামণ্ডী অঞ্চলত সংঘটিত হয় এই আক্ৰমণ।
এইপৰ্যন্ত এই আক্ৰমণত কোনো জোৱানৰ হতাহতিৰ খবৰ পোৱা নাই বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই। লগতে অতিৰিক্ত বাহিনী তাৎক্ষণিকভালে উক্তস্থানলৈ প্ৰেৰণ কৰা হৈছে বুলিও কৰ্তৃপক্ষই সদৰী কৰে।
লক্ষণীয়ভাৱে বুধবাৰে পুঞ্চস্থিত এটা সশস্ত্ৰ আৰক্ষী ইউনিটৰ চৌহদৰ ভিতৰত বিস্ফোৰণ সংঘটিত হৈছিল। বিগত মাহৰ শেষৰ ফালেও অঞ্চলটোত সেনাবাহিনীৰ ওপৰত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদী গোটে।
শেহতীয়া খবৰ অনুসৰি, এম্বুছ সংঘটিত হোৱা অঞ্চললৈ শক্তিবৰ্ধক বাহিনী প্ৰেৰণ কৰাৰ পিছত দুয়োপক্ষৰ মাজত সংঘৰ্ষ অব্যাহত আছে। পুঞ্চৰ ডেৰা কি গলি নামেৰে পৰিচিত এক অঞ্চলত সেনাৰ ট্ৰাকখন এম্বুছ কৰে সন্ত্ৰাসবাদীয়ে।
প্ৰতিৰক্ষাৰ বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, অঞ্চলটোলৈ সেনাৰ লগতে এম্বুলেন্সো ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। লক্ষণীয়ভাৱে বিগত কেইবছৰমানৰ পৰা এই অঞ্চলটো সেনাবাহিনীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
চলিত বৰ্ষৰ এপ্ৰিল-মে’ মাহত ৰাজৌৰী-পুঞ্চ অঞ্চলত সন্ত্ৰাসবাদীৰ আক্ৰমণত ১০ জন জোৱান নিহত হৈছিল। বিগত দুবছৰত অঞ্চলটোত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত ৩৫ জনৰো অধিক জোৱান কাৰ্যত নিহত হৈছে।