• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হায় স্মাৰ্টচিটি! প্ৰথমজাক বৰষুণতে কৃত্ৰিম বানত বুৰ যোৱা ৰাজ্যৰ ৰাজধানীৰ অৱস্থাই কি সূচায়?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
March 31, 2021 10:01 am
Guwahati artificial flood

মহানগৰীৰ ওৱাৰলেছত বুধবাৰে পুৱাৰ দৃশ্য। ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত বাৰিষা বুলি ক’লেই মহানগৰবাসীৰ সন্মুখত ভাহি উঠে এক দু:স্বপ্ন।

বাৰিষা এজাক বৰষুণতে কৃত্ৰিম বানপানীত জৰ্জৰিত হৈ পৰে গুৱাহাটী মহানগৰী। কিন্তু এতিয়ালৈ ইয়াৰ কোনোধৰণৰ স্থায়ী সমাধান নহ’ল। ইপিনে, স্মাৰ্ট চিটিৰ ঢাক ঢোল বজাই চৰকাৰে মহানগৰীখনৰ বিকাশৰ ভুৱা ছবি দাঙি ধৰাত কোনো কৃপণালি কৰা নাই।

Apply Now

সম্পূৰ্ণ বাৰিষা কাল আৰম্ভ হ’বলৈ আৰু কিছুদিন আছে যদিও মঙলবাৰে বিয়লিৰ পৰা আৰম্ভ হোৱা প্ৰথমজাক বৰষুণৰ পাছতে মহানগৰীত আৰম্ভ হৈছে কৃত্ৰিম বানৰ আতংক।

মঙলবাৰে বিয়লি অহা এজাক বৰষুণ আৰু তাৰপাছত ছেগাছোৰোকাকৈ অহা কেইজাকমান পাতলীয়া বৰষুণৰ পাছত এতিয়া ৰাজধানী দিছপুৰৰ সমীপতে মূল পথ কৃত্ৰিম বানপানীৰে জলমগ্ন হৈ পৰিছে।

দিছপুৰৰ ওৱাৰলেছৰত কৃত্ৰিম বানপানীত নলা-নৰ্দমাৰ পানী একাকাৰ হৈ পৰিছে। পথাচাৰীয়ে ইয়াত কোনোমতে নাক কোচাই অতিক্ৰম কৰিবলগা হৈছে।

ইপিনে, যান-বাহনসমূহ পাৰ হৈ যোৱাৰ লগে লগে এই গেলা পানীসমূহে দুয়োকাষৰ পদপথত নলা-নৰ্দমাৰ আৱৰ্জনাবোৰ সিঁচি থৈ যায়।

হায় মহানাগৰিক! এতিয়া কি স’তে আমি বিকাশৰ যাত্ৰাৰ অংশীদাৰ হৈ আগবাঢ়িছো লক্ষ্য কৰক। বছৰ বছৰ ধৰি কেবল প্ৰতিশ্ৰুতিৰ পাহাৰ আৰু চমক সৃষ্টিৰ মাজত আমাৰ জীৱন যাত্ৰা কেতিয়া মসৃন হ’ব সেয়া কোনোপধ্যে বোধগম্য নহয়।

আপোনালোকৰ হয়তো মনত আছে এইখন চৰকাৰৰ দিনতে এক চমকপ্ৰদ পদক্ষেপ হাতত লোৱাৰ কথা সদৰী কৰিছিল গুৱাহাটী পৌৰ নিগমে।

কোৱা হৈছিল চাফাইকৰ্মীৰে নহয়, গুৱাহাটীৰ গেলা নলা চাফা কৰিব ৰবটে। উত্তৰ-পূৱৰ ভিতৰতে গুৱাহাটীত প্ৰথম বাৰৰ বাবে ৰবটৰ জৰিয়তে নলা নিষ্কাষণ কৰা হ’ব বুলি দাবীও কৰিছিল।

গুৱাহাটী মহানগৰীত থকা প্ৰায় ৩৭৯ টা নলা এই ৰবটেৰে নিষ্কাষণ কৰাৰ কথা আছিল। তদুপৰি, ৰবটৰ জৰিয়তে কামৰ শুভ উদ্বোধন কৰিছিল গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

পৌৰ নিগমৰ কোনো চাফাই কৰ্মী দুৰ্গন্ধময় নলাত ননমাকৈয়ে ৰবটৰ জৰিয়তে নলা নিষ্কাষণ কৰাৰ বাবে চাফাইকৰ্মীসকলক প্ৰশিক্ষণ দিয়াৰ কথা কোৱা হৈছিল।

আনহাতে, ৰৱটৰ সমান্তৰালভাৱে কেইবাখনো এক্সকেভেটৰো নিষ্কাষণত ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছিল।

সি যি কি নহওক, সেই প্ৰকল্পৰ অস্তিত্ব আজি ক’তো বিচাৰি পাবলৈ নাই। এনেদৰে, গুৱাহাটী পৌৰ নিগমে বহুকেইটা প্ৰকল্প হাতত লৈছিল যদিও সৰহসংখ্যক প্রকল্পই বন্ধ হোৱাৰ উপক্ৰম হৈছে।

মঙলবাৰৰ পৰা আৰম্ভ হোৱা বছৰটোৰ প্ৰথমজাক বৰষুণে এতিয়া স্মাৰ্ট চিটি গুৱাহাটীৰ স্বৰূপ উদঙাই দিছে। এতিয়া ভোটৰ সময়। মহানগৰবাসী ৰাইজে জনপ্ৰতিনিধিৰ পৰা উত্তৰ বিচৰাৰ সময়।

সেইদৰে যোগ্য উত্তৰ দিব নোৱাৰা অথচ আঁভুৱা ভৰা প্ৰতিশ্ৰুতিৰে ভোট বিচৰাসকলক প্ৰত্যুত্তৰ দিয়াৰো উপযুক্ত সময়।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd