• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰক সমালোচনা কৰাৰ বাবেই কেৰিয়াৰ সংকটাপন্ন কমেডিয়ানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2021 9:21 pm
Munawar Faruqui
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৫৬ ইঞ্চিৰ এজন বীৰপুৰুষে নেতৃত্ব লৈ থকা চৰকাৰখনে ভয় কৰে এজন সাধাৰণ কমেডিয়ানক। কমেডিৰ দ্বাৰা দেশৰ জনতাক সচেতন কৰি তোলাৰ আশংকাত কমেডিয়ানজনক কেৰিয়াৰেই শেষ কৰিবলৈ বাধ্য কৰা হ’ল।

হয়, জনপ্ৰিয় কমেডিয়ান মুনাৱাৰ ফাৰুকীৰ কথাই কোৱা হৈছে। ফাৰুকীৰ এটা দীঘলীয়া ইনষ্টাগ্ৰাম প’ষ্টক লৈ বৰ্তমান তীব্ৰ চৰ্চা আৰম্ভ হৈছে। কালি তেওঁ প’ষ্টটোৰ যোগেৰে জনাইছে যে তেওঁ আৰু ষ্টেণ্ড আপ কমেডি নকৰে। ষ্টেণ্ডআপ কমেডিয়ানৰ কেৰিয়াৰ তেওঁ শেষ কৰিছে।

তেওঁ লিখে- নফৰত জীত গয়ী, আৰ্টিষ্ট হাৰ গয়ী। অৰ্থাৎ ঘৃণাৰ জয় হৈছে, শিল্পীৰ পৰাজয় হৈছে। যিটো এটা অন্যায়।

Apply Now

কিন্তু কিয় তেওঁ এইদৰে ক’ব লগা হ’ল? ইয়াৰ কাৰণ হৈছে হিন্দুত্ববাদীৰ ৰোষত পৰি যোৱা দুমাহত তেওঁৰ ১২ টাকৈ কমেডি শ্ব’ বাতিল কৰা হৈছে। দেওবাৰেও বাংগালুৰুত তেওঁৰ শ্ব’ আছিল। কিন্তু বিজেপি শাসিত ৰাজ্য কৰ্ণাটকৰ বাংগালুৰু আৰক্ষীয়ে শ্ব’টো অনুষ্ঠিত কৰিবলৈ নিদিলে।

আৰক্ষীয়ে কয় যে কমেডিয়ানজনৰ আগমণে চহৰখনত আইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটাব। জানিব পৰা মতে, উক্ত শ্ব’টোৰ ৬০০ টাকৈ টিকেট ইতিমধ্যে বিক্ৰী হৈ গৈছিল।

এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে ফাৰুকী নিজেও সাম্প্ৰদায়িক সংঘৰ্ষৰ ভুক্তভোগী। ফাৰুকীৰ জন্ম হৈছিল গুজৰাটৰ জুনাগড়ৰ এটা মুছলিম পৰিয়ালত। ২০০২ চনত গুজৰাট সংঘৰ্ষ হয়। ইয়াৰ ফলস্বৰূপে ফাৰুকীৰ পৰিয়ালে গুজৰাট এৰি মুম্বাইলৈ প্ৰব্ৰজন কৰিব লগা হৈছিল। ২০১৯ চনত মুম্বাইৰ এটা কা-এনআৰচি বিৰোধী প্ৰতিবাদতো ফাৰুকীয়ে এই সংঘৰ্ষৰ বিষয়ে উল্লেখ কৰি এখন প্লেকাৰ্ড প্ৰদৰ্শন কৰিছিল।

চলিত বৰ্ষৰ প্ৰথমভাগত কমেডিয়ান মানুৱাৰ ফাৰুকীয়ে এমাহ ধৰি কাৰাগাৰত কটাব লগা হৈছিল। তেওঁৰ ওপৰত হিন্দু দেৱ-দেৱী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক লৈ আপত্তিজনক মন্তব্য কৰাৰ দৰে অভিযোগ উত্থাপিত হৈছিল। মধ্য প্ৰদেশৰ ইন্দোৰস্থিত হিন্দু ৰক্ষক সংগঠনে এই অভিযোগ কৰিছিল।

সংগঠনটোৰ মতে, ২ জানুৱাৰীত ইন্দোৰৰ এটা কাফেত অনুষ্ঠিত হ’বলগা এটা শ্ব’ৰ অনুশীলনকালত ফাৰুকীয়ে এই আপত্তিজনক মন্তব্য কৰিছিল। যাৰ ফলস্বৰূপে এমাহ ধৰি কাৰাবন্দী জীৱন কটাব লগা হৈছিল।

কিন্তু তেওঁৰ ওপৰত আৰোপিত অভিযোগসমূহৰ কোনো প্ৰমাণ নাছিল। ইয়াৰ কাৰণ হৈছিল উক্ত অভিযোগ উত্থাপিত হোৱাৰ পাছতে তেওঁৰ শ্ব’টো বাতিল কৰা গৈছিল। অৰ্থাৎ ফাৰুকীয়ে হিন্দু দেৱ-দেৱীৰ ওপৰত কোনো আপত্তিজনক মন্তব্য কৰাই নাছিল! সেয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে তেওঁক ৩৭ দিনৰ অন্তত মুক্তি দিয়া হয়।

তাৰপাছতে হিন্দুত্ববাদীসকলৰ চকুৰ কূটা দাতৰ শূল হৈ পৰে ফাৰুকী। দেশৰ কেইবাখনো শীৰ্ষ চহৰত তেওঁৰ শ্ব’ বাতিল হয়। এনডিটিভক জনোৱামতে, ২৯ বৰ্ষীয় ফাৰুকীয়ে দৈনিক ৫০ টাকৈ মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ দেশজুৰি ষ্টেণ্ড আপ কমেডিৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। দৰ্শকৰ সমাদৰ লাভ কৰিছে মানুৱাৰ ফাৰুকী, বীৰ দাস অথবা কুণাল কামৰাৰ দৰে কৌতুকশিল্পীবিলাকৰ। তেওঁলোকে কেৱল কৌতুকেই নহয়, জনসাধাৰণলৈ একোটা বাৰ্তাও কঢ়িয়াবলৈ চেষ্টা কৰি আহিছে। যাৰ ফলস্বৰূপে চৰকাৰৰ নজৰত বন্দী হ’ব লগা হৈছে। মুখামুখী হ’ব লগা হৈছে ভক্তসকলৰ অজস্ৰ ভাবুকি অথবা ট্ৰ’লৰ।

শেহতীয়াকৈ ‘টু ইণ্ডিয়াজ’ শীৰ্ষক এটা কমেডি শ্ব’ৰ যোগেৰে চৰ্চাত আছে বীৰ দাস। উক্ত শ্ব’টোত তেওঁ মোদী চৰকাৰৰ আমোলত সংঘটিত হোৱা জনবিৰোধী নীতিসমূহ উদঙাই দেখুৱাইছিল। তাতে জগৰ লাগিল।

প্ৰশ্ন উত্থাপন হৈছে, বিশ্বগুৰু হোৱাৰ লক্ষ্য লোৱা এখন চৰকাৰে কিয় এই কমেডিয়ানসকলক ভয় কৰিছে? অৱশ্যে ই অপ্ৰত্যাশিত নহয়। যেতিয়া দেশত নেতা-মন্ত্ৰীসকলে আজৱ আৰু নিকৃষ্ট ভাষ্যসমূহ প্ৰদান কৰিব ধৰে, চৰকাৰৰ আশীষধন্য অভিনেত্ৰীয়ে যেতিয়া আনকি দেশৰ স্বাধিনতা সংগ্ৰামক লৈও কৌতুক কৰিব পাৰে, তেনেস্থলত তাতকৈ কমেডি আৰু কি থাকিব পাৰে।

জনগণক নিজৰ অধিকাৰৰ বিষয়ে সচেতন কৰা বীৰ দাস অথবা মানুৱাৰ ফাৰুকী নহয়, দেশৰ নেতা-মন্ত্ৰীসকলহে বৰ্তমান একো একোজন কমেডিয়ান!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd