বিশ্ব চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব অৰুণাচলৰ কাৰাটে খেলুৱৈ নবিন জমহে

Nobin-

অৰুণাচলৰ আন্ত:ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়ন নবিন জমহে পুনৰ এবাৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে। ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ অষ্ট্ৰিয়াৰ চালযবাৰ্গত অনুষ্ঠিত হ’ব লগীয়া ৱৰ্ল্ড কাৰাটে ফেডাৰেশ্যন(ডব্লিউ কে এফ) কাৰাটে ১ ছিৰিজ-এ চেম্পিয়নশ্বিপ-২০১৯ৰ বাবে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে নবিন জমহ।

ডব্লিউ কে এফ কাৰাটে ১ ছিৰিজ-এ হৈছে বিশ্বৰ এখন আগশাৰীৰ প্ৰতিযোগিতা য’ত বিশ্বৰ শীৰ্ষ পৰ্যায়ৰ কাৰাটে খেলুৱৈসকলে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ সুবিধা লাভ কৰে।

প্ৰতিযগিতাখনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰা নবিন বৰ্তমান অৰুণাচল প্ৰদেশ আৰক্ষীৰ এজন ইন্সপেক্টৰ হিচাপে সেৱা আগবঢ়াই আছে। বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লৈ নবিনে এই পৰ্যন্ত ৫টা সোণ, ৪টা ৰূপ আৰু ৩টা ব্ৰণ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ উপৰি তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত ১৯টা সোণ, ৭টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদক লাভ কৰি নিজৰ প্ৰতিভাৰ উমান দি থৈছে।

ৱৰ্ল্ড কাৰাটে কোৱালিফাইড কোচ্চ লাইচেন্স প্ৰাপ্ত তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী ছিনিয়ৰ কমনৱেল্থ কাৰাটে পদকপ্ৰাপ্ত নবিনে ইতিমধ্যে জাৰ্মানী তথা বহু কেইখন য়ুৰোপিয়ান দেশৰ লগতে ছিংগাপুৰ, মালেয়ছিয়া, ইণ্ডোনেছিয়া, য়ু এ ই, টুৰ্কি আদি দেশত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।

বিগত দিনত দেখুওৱা প্ৰদৰ্শনৰ বলত তেওঁক পুনৰ এবাৰ ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ দিয়া বাবে ধন্যবাদ জনাইছে ভাৰতীয় কাৰাটে এছ’চিয়েশ্যনক। অহা মাহত অনুষ্ঠিত হ’ব লগীয়া প্ৰতিযোগিতাখনৰ বাবে তেওঁ অহা ২৫ ফেব্ৰুৱাৰিত অষ্ট্ৰিয়ালৈ উৰা মাৰিব বুলি জনায় নৰ্থ-ইষ্ট নাওৰ আগত।

তেওঁ লগতে প্ৰশিক্ষক চিহান দেবেন শৰ্মা, অৰুণাচল কাৰাটে ডো এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক চেনছেই এল মাৰিক আৰু বন্ধু অনিকেত গুপ্তাকো ধন্যবাদ জনায়।

ইফালে বিশ্বৰ আগশাৰীৰ কাৰাটে প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে পুনৰ এবাৰ ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰাত নবিনক শুভেচ্ছা জনাইছে ভাৰতীয় কাৰাটে ফেডাৰেশ্যনৰ হৈ তাৰাই।