চৰকাৰী বাংলো এৰিলে অৰবিন্দ কেজৰিৱালে! ক’ত থাকিব আম আদমীৰ চুপ্ৰেম’গৰাকী

ইতিমধ্যে মুখ্যমন্ত্ৰীৰ চকী এৰি থৈ গৈছিল অৰবিন্দ কেজৰিৱালে। এইবাৰ দিল্লীৰ চৰকাৰী বাংলো এৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। এতিয়াৰ বাবে তেওঁ লুটিয়েন্স দিল্লীৰ ৫ নম্বৰ বাংলো ফিৰোজশ্বাহবাদৰ নতুন ঠিকনাত থিতাপি ল’ব। দিল্লী বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰিহে মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ উভতি আহিব বুলি কেজৰিৱালে মন্তব্য কৰে।

কেজৰিৱালে বিগত ৯ বছৰে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে চৰকাৰী বাসগৃহত আছে। মুখ্যমন্ত্ৰীৰ পদ এৰি দিল্লীৰ চিভিল লাইনছ অঞ্চলত থকা মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ এৰি যোৱাৰ সিদ্ধান্ত লয়। ইমান দিনে যি সকলো চৰকাৰী সুবিধা আছে। শুকুৰবাৰে পুৱা কেজৰিৱালে চিভিল লাইনছ অঞ্চলৰ ঘৰৰ পৰা ওলাই আহি লুটিয়েনছ দিল্লীৰ ৫ নম্বৰ বাংলোলৈ যায়। সেই বাংলোটো পঞ্জাৱৰ এজন আপৰ সাংসদৰ নামত আবণ্টন দিয়া হৈছে। এই বাংলোটো আপৰ মুখ্য কাৰ্যালয়ৰ ওচৰতে।

আবকাৰী দুৰ্নীতিৰ গোচৰত জেলৰ পৰা মুক্তি পোৱাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে কেজৰিৱালে। প্ৰথম জনসভাৰ পৰাই দিল্লীৰ তদানীন্তন মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে, “যেতিয়ালৈকে ৰাইজে মোক পুনৰ নিৰ্বাচন নকৰে তেতিয়ালৈকে মই মুখ্যমন্ত্ৰীৰ চকীত বহি নাথাকো।মই প্ৰতিজন মানুহৰ ঘৰলৈ যাম। ৰাস্তাত যাওক কিন্তু ৰাইজৰ ৰায় নোলোৱালৈকে মই মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ নকৰো।”

ঘোষণা অনুসৰি যোৱা ১৭ ছেপ্টেম্বৰত দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল আপৰ মুৰব্বীগৰাকীয়ে। তেওঁৰ ঠাইত আতিশিয়ে মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে। তাৎপৰ্যপূৰ্ণভাৱে আতিশী কেজৰিৱালৰ চকীখন খালী কৰি কাষৰ আসনত বহি চৰকাৰী কাৰ্য্যবিধি চাই থাকিল। বৰ্তমান কেজৰিৱালে নিজকে সাধাৰণ জনতাৰ ‘সেৱক’ হিচাপে প্ৰক্ষেপ কৰিবলৈ চেষ্টা কৰি আছে।