২৬.৭ কোটিতকৈয়ো অধিক ফেচবুক য়ুজাৰৰ তথ্য ফাদিল; সুৰক্ষিত নাছিল চাৰ্ভাৰ

Facebook-Logo-920x547

প্ৰতিনিধিত্বমূলক ফটো

ফেচবুক এইবাৰ ইয়াৰ য়ুজাৰৰ ব্যক্তিগত গোপনীয়তাক লৈ প্ৰশ্নৰ সন্মুখীন হৈছে। সুৰক্ষা গৱেষক বব ডিয়াচেংকোই এটা ডাটাবেচ বিচাৰি পাইছে য’ত ২৬৭ মিলিয়ন ফেচবুক ব্যৱহাৰকাৰীৰ ডাটা ৰখা আছে।

সমস্যাটো হৈছে যিটো চাৰ্ভাৰত ডাটা (তথ্য) ৰখা হৈছে সেইটো সুৰক্ষিত নহয় আৰু পাৰ্ছৱৰ্ড প্ৰটেক্টেড নহয়।

বাতৰি অনুসৰি ২৬৭ মিলিয়ন য়ুজাৰৰ আই ডি, ফোন নম্বৰ আৰু নাম অনলাইনত ৰাজহুৱা হৈ পৰিছে।

উক্ত ডাটাবেচটো ইমানেই সুৰুঙাযুক্ত যে ইয়াক পাছৱৰ্ড তথা অথেন্টিকেশ্যন অবিহনে তথ্য আহৰণ কৰিব পাৰি।

গৱেষকৰ মতে ফেচবুকৰ এই ডাটা অবৈধ স্ক্ৰেপিং অপাৰেশ্যন বা ফেচবুক APIৰ অনৈতিক ব্যৱহাৰৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে।

আমেৰিকাৰ প্ৰযুক্তি সম্পৰ্কীয় Engadgetক ফেচবুকে কৈছে,’’ আমি এই বিষয়টো চাই আছো, কিন্তু আমি জনা মতে এই ডাটাসমূহ কেইবছৰ পূৰ্বৰে কিয়নো আমি ইয়াৰ মাজতে য়ুজাৰৰ তথ্য সুৰক্ষিত কৰিবলৈ সলনি কৰিছিলো।‘’

যদি ফেচবুকৰ এই ভাষ্য সত্য হয় তেতিয়াহ’লেও এই তথ্য ফাদিলে এজন সাধাৰণ য়ুজাৰৰ ব্যক্তিগত গোপনীয়তাৰ ক্ষেত্ৰত ডাঙৰ বিপদ আহিব পাৰে।

উক্ত ডাটাবেচৰ সন্ধান কৰা গৱেষক বব ডিয়াচেংকোই কয় যে এই ডাটাবেচৰ বিষয়ে সেই চাৰ্ভিছ প্ৰভাইডাৰক ৰিপ’ৰ্ট কৰা হৈছিল যিয়ে এই চাৰ্ভাৰৰ আই পি এড্ৰেছ মেনেজ কৰে। কিন্তু ডাটাবেচ দুসপ্তাহ পূৰ্বেই ৰাজহুৱা হৈছিল।

ডিয়াচেংকোই জানিবলৈ দিয়ে যে ফেচবুকৰ য়ুজাৰ ডাটা হেকাৰ ফ’ৰামৰ এক স্থানত ডাউনলোড লিংকৰ সৈতে আপলোড কৰা হৈছে।

আনহাতে, উক্ত ফেচবুক ডাটাৰ অনৈতিক ব্যৱহাৰ কৰা হৈছেনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

অৱশ্যে হেকাৰে সাধাৰণতে এনেদৰে কোনো ব্যক্তিৰ একাউন্টৰ পৰা তথ্য সংগ্ৰহ কৰি অসৎ ব্যৱহাৰ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।