NORTHEAST NOW (Assamese)

এখন এখনকৈ ৪৮ খন বাহনক খুন্দা মাৰিলে টেংকাৰে; পুনেত ভয়ংকৰ দুৰ্ঘটনাত আহত বহুলোক

November 21, 2022 7:17 am · এন ই নাও নিউজ, নতুন দিল্লী

একে সময়তে কমেও ৪৮ খন বাহনক খুন্দা মাৰে এখন টেংকাৰ। দেওবাৰে নিশা প্ৰায় ৮.৩০ বজাত পুনেৰ নাভালে ব্ৰীজ এলেকাত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত বহুলোক আহত হোৱাৰ খবৰ পোৱা গৈছে।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, টেংকাৰখনৰ ব্ৰেক বিকল হোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হয়। এতিয়ালৈকে দুৰ্ঘটনাটোত কিমান জন লোক আহত হৈছে সেয়া জানিব পৰা হোৱা নাই যদিও কমেও ৩০ জন মান লোক আহত হোৱা বুলি অনুমান কৰা হৈছে। কেইবাজনো লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

https://twitter.com/sangram_0277/status/1594378686299791362?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1594378686299791362%7Ctwgr%5Efd7ecbcd647c1be15ddc2a096946875c796baf23%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.ndtv.com%2Findia-news%2F48-vehicle-pile-up-at-bridge-on-pune-bengaluru-highway-rescue-teams-at-site-news-agency-ani-3538392

 

 

অগ্নি নিৰ্বাপক বাহিনীৰ এজন বিষয়াই জানিবলৈ দি কয় যে ব্ৰেক ফেইল হোৱাৰ বাবে টেংকাৰখনে ৪৮ খন বাহনক খুন্দা মাৰে।

তেওঁ কয়,”কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হৈছে। আহতসকলৰ কিছুমানক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে, কিমান জন লোক আঘাতপ্ৰাপ্ত হৈছে সেয়া এতিয়াও জনা হোৱা নাই। এম্বুলেন্স আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য চলাইছে।”

 

 

 

Related News