স্বয়ম্ভু ধৰ্মগুৰু আশাৰাম বাপুৰ দ্বাৰা ধৰ্ষণৰ বলি হোৱা যুৱতীৰ পৰিয়ালক এইবাৰ মৃত্যুৰ ভাবুকি দিছে বিতৰ্কিত ধৰ্মগুৰুজনৰ সমৰ্থকে। পৰিয়ালটোৰ সদস্যসকলক মৃত্যুৰ ভাবুকি দিয়াৰ পিছতে ইতিমধ্যে পৰিয়ালটোৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।
শ্বাহজাহানপুৰৰ আৰক্ষী অধীক্ষক (চহৰ) সঞ্জয় কুমাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে পৰিয়ালটোৰ নিৰাপত্তাৰ বাবে তিনিজন কনিষ্টবল নিযুক্ত কৰা হৈছে।
“পূৰ্বে দুজন কনিষ্টবল মোতায়েন কৰা হৈছিল যদিও নিৰ্বাচনৰ সময়ত এজন কনিষ্টবলক প্ৰত্যাহাৰ কৰা হৈছিল। নিৰাপত্তা বৃদ্ধি কৰি আমি এতিয়া তাত মুঠ তিনিজন কনিষ্টবল মোতায়েন কৰিছো।”— তেওঁ কয়।
আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে কয় যে নিৰাপত্তাত নিয়োজিত কনিষ্টবলসকলক ভুক্তভোগী পৰিয়ালটোৰ ঘৰলৈ অহা লোকসকলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ আৰু তেওঁলোকৰ বিৱৰণ টোকা কৰিবলৈ কোৱা হৈছে।
উল্লেখ্য যে ২১ মাৰ্চত আশাৰামৰ এজন অনুগামীয়ে ভুক্তভোগী পৰিয়ালটোক অশ্লীল গালি-গালাজ কৰাৰ লগতে এখন ভাবুকি পত্ৰ দি গৈছিল। ভুক্তভোগী যুৱতীগৰাকীৰ দেউতাকৰ মতে, কৰ্তব্যৰত একমাত্ৰ কনিষ্টবলজন সেই সময়ত উপস্থিত নাছিল।
“পত্ৰখনত অপমানজনক ভাষা ব্যৱহাৰ কৰা হৈছিল আৰু ব্যক্তিজনে পত্ৰখনত তেওঁৰ ঠিকনাও উল্লেখ কৰিছে।”- তেওঁ কয়।
যোৱা সপ্তাহত তেওঁ শ্বাহজাহানপুৰৰ আৰক্ষী অধীক্ষকৰ ওচৰত এই ভাবুকি সন্দৰ্ভত লিখিত অভিযোগ দিছিল।
উল্লেখ্য যে ভুক্তভোগী যুৱতীগৰাকীয়ে ২০১৩ চনত আশাৰামৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। ২০১৮ চনৰ ২৮ এপ্ৰিলত এখন আদালতে আশাৰামক আজীৱন কাৰাদণ্ড প্ৰদান কৰে।
বৰ্তমান এই স্বয়ম্ভু ‘গডমেন’জন ৰাজস্থানৰ কাৰাগাৰত বন্দী হৈ আছে।