• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Lakhimpur Kheri case : অৱশেষত ‘মন্ত্ৰীপুত্ৰ’ক ১৪ দিনৰ ন্যায়িক জিম্মালৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2021 2:36 pm
Lakhimpur Kheri case
1.2k
VIEWS
Share on FacebookShare on Twitter

Lakhimpur Kheri case : অৱশেষত খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল উত্তৰ প্ৰদেশ আৰক্ষী।

মিশ্ৰক শনিবাৰে নিশা আদালতত হাজিৰ কৰোৱা হয়। আদালতে আশীষ মিশ্ৰক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

খেৰীৰ হিংসাত্মক ঘটনাসন্দৰ্ভত প্ৰায় ১২ ঘণ্টা জেৰাৰ পিছত এটা চিকিৎসা দলে আশীষ মিশ্ৰক অপৰাধ শাখাৰ কাৰ্যালয়ত পৰীক্ষা কৰে আৰু তেওঁক ন্যায়িক দণ্ডাধীশৰ সন্মুখত থিয় কৰায়।

আশীষ মিশ্ৰৰ আৰক্ষী ৰিমাণ্ডৰ বাবে এখন আবেদন ন্যায়িক দণ্ডাধীশৰ ওচৰত দাখিল কৰা হৈছিল আৰু সোমবাৰে পুৱা ১১ বজাত শুনানিৰ বাবে নিৰ্ধাৰণ কৰে।

যোৱা দেওবাৰে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ ভ্ৰমণৰ বিৰোধিতাৰে খেৰীত প্ৰতিবাদী কৃষকক গাড়ীৰে মহতীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত আশীষ মিশ্ৰৰ নাম এখন এজাহাৰত উল্লেখ কৰা হৈছিল।

কৃষক নেতা আৰু বিৰোধী দলসমূহে মিশ্ৰক গ্ৰেপ্তাৰ কৰাৰ দাবী কৰি আহিছিল কিন্তু মন্ত্ৰী আৰু তেওঁৰ পুত্ৰই এই অভিযোগ অস্বীকাৰ কৰিছিল।

স্থানীয় সাংবাদিক ৰমন কাশ্যপৰো এই হিংসাত্মক ঘটনাত মৃত্যু হৈছিল ।

আৰক্ষীৰ অপৰাধ শাখা কাৰ্যালয়ত বিশেষ তদন্ত কমিটিৰ দ্বাৰা জেৰা কৰাৰ পিছত শনিবাৰে নিশা প্ৰায় ১১ বজাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে উত্তৰ প্ৰদেশ চৰকাৰক অভিযুক্তক গ্ৰেপ্তাৰ নকৰাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত এখন বিচাৰপীঠে খেৰী হত্যাকাণ্ড সম্পৰ্কত মন্তব্য কৰিছিল যে আইনে সকলো অভিযুক্তৰ বিৰুদ্ধে ইয়াৰ পথ ল’ব লাগিব আৰু আঠজন ব্যক্তিৰ নিৰ্মম হত্যাকাণ্ডৰ তদন্তত আস্থা প্ৰেৰিত কৰিবলৈ চৰকাৰে এই ক্ষেত্ৰত সকলো প্ৰতিকাৰমূলক পদক্ষেপ ল’ব লাগিব।

Also read : Rajkanya Baruah ‘ড্ৰাংক এণ্ড হিট’ কাণ্ড; তাজ ভিভান্টাক কাৰণ দৰ্শোৱাৰ জাননী

কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব দি থকা সংযুক্ত কিষাণ মৰ্চাই (SKM) অভিযোগ কৰিছিল যে এই হিংসা পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰৰ অধীনত অনুষ্ঠিত হৈছিল আৰু মন্ত্ৰী আৰু তেওঁৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল।

কৃষক সংগঠনসমূহে কয় যে যদি চৰকাৰে ১১ অক্টোবৰৰ ভিতৰত তেওঁলোকৰ দাবী মানি নলয়, তেন্তে তেওঁলোকে নিহত কৃষকসকলৰ অস্থিৰ সৈতে লখিমপুৰ খেৰীৰ পৰা ‘শ্বহীদ কিষাণ যাত্ৰা’ৰ কাৰ্যসূচী ৰূপায়ণ কৰিব।

ইতিমধ্যে সংযুক্ত কিষাণ মৰ্চাই ১৮ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ সমগ্ৰ দেশজুৰি “ৰেল প্ৰতিৰোধ” প্ৰতিবাদ আৰু ২৬ অক্টোবৰত লক্ষ্ণৌত “মহাপঞ্চায়ত”ৰ আহ্বান জনাইছে।

Also read : Rajkainya Baruah, সুৰাৰ ৰাগীত গাড়ীৰে শ্ৰমিকক মহতিয়াই নিয়া ৰাজকন্যালৈ আৰক্ষীৰ চমন; শীঘ্ৰে গ্ৰেপ্তাৰৰ সম্ভাৱনা

ইফালে দিল্লীত এখন সংবাদমেলত কিষাণ মৰ্চাৰ নেতা যোগেন্দ্ৰ যাদৱে অভিযোগ কৰে যে অজয় মিশ্ৰক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰা উচিত আৰু বিভেদ, হত্যা আৰু ষড়যন্ত্ৰ বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা উচিত। অজয় মিশ্ৰই গোচৰটোৰ অপৰাধীসকলকো সুৰক্ষা দি আছে বুলি তেওঁ অভিযোগ কৰে।

উল্লেখ্য যে লখিমপুৰ খেৰী হিংসাত অভিযুক্ত মন্ত্ৰীপুত্ৰ আশীষ মিশ্ৰ আৰু আন অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ তদন্তৰ বাবে উপ আৰক্ষী মহাপৰিদৰ্শক উপেন্দ্ৰ আগৰৱালাৰ নেতৃত্বত ন জনীয়া এটা বিশেষ তদন্ত কমিটি গঠন কৰা হৈছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd