NORTHEAST NOW (Assamese)

ক’ভিদৰ প্ৰাদুৰ্ভাৱ: অনিৰ্দিষ্ট কাললৈ স্থগিত এছিয়ান গেমছ ২০২২

May 6, 2022 1:06 pm · এন ই নাও নিউজ, গুৱাহাটী

চলিত বৰ্ষৰ ছেপ্টেম্বৰত চীনৰ হাংঝৌত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছ অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে।

যদিও আয়োজকৰ ফালৰ পৰা স্থগিত ৰখাৰ কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ কৰা নাই, তথাপি চীনত পুনৰ ক’ভিদৰ প্ৰাদুৰ্ভাৱৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি আশংকা কৰা হৈছে।

“২০২২ বৰ্ষৰ ১০ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ চীনৰ হাংঝৌত অনুষ্ঠিত হ’বলগীয়া ১৯ তম এছিয়ান গেমছ পিছুৱাই দিয়া হ’ব বুলি এছিয়াৰ অলিম্পিক পৰিষদে ঘোষণা কৰিছে।”— অফিচিয়েল গেমছ ৱেবছাইটত এক বিবৃতিত কোৱা হৈছে।

প্ৰতিযোগিতাৰ নতুন তাৰিখ অনাগত সময়ত ঘোষণা কৰা হ’ব বুলিও বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে।

এছিয়ান গেমছৰ আয়োজক চহৰ হাংঝৌ চীনৰ আটাইতকৈ ডাঙৰ চহৰ ছাংহাইৰ কাষত অৱস্থিত। ছাংহাই বিগত এক সপ্তাহ ধৰি ক’ভিদৰ ভয়াৱহতাৰ বাবে লকডাউনৰ কবলত আছে।

ইতিপূৰ্বে পূৱ চীনৰ চহৰ হাংঝৌত এছিয়ান গেমছ আৰু এছিয়ান পেৰা গেমছৰ বাবে প্ৰায় ৫৬ টা প্ৰতিযোগিতাৰ স্থান নিৰ্মাণ সমাপ্ত কৰা হৈছে বুলি যোৱা মাহত আয়োজকসকলে ঘোষণা কৰিছিল।

সেই সময়তে তেওঁলোকে এক ভাইৰাছ নিয়ন্ত্ৰণ পৰিকল্পনাৰ অধীনত এছিয়ান গেমছ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে বুলি উল্লেখ কৰিছিল।

Related News