উত্তৰ অসমত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ দায়িত্ব লৈ নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিব নোৱাৰি বিভাগীয় কৰ্তৃপক্ষক দায়িত্ব সমৰ্পন কৰা টি কে ইঞ্জিনীয়াৰিং কন্সৰ্টিয়াম প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোৱে ২৭৯ জন থলুৱা উপ- ঠিকাদাৰক ৰামটাঙোন শোধোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।
অভিযোগ মতে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা আজিলৈকে থলুৱা উপ- ঠিকাদাৰে নিৰ্মাণকাৰী সংস্থাটোক পথ নিৰ্মাণৰ বাবে বিভিন্ন সামগ্ৰী যোগান ধৰি আহিছে যদিও আজিলৈকে সামগ্ৰীৰ বিনিময়ত থলুৱা ঠিকাদাৰ সকলক নিৰ্মাণকাৰী সংস্হাটোৱে প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ উঠিছে।
জানিব পৰা মতে গহপুৰৰ পৰা তেজপুৰলৈকে ২৭৯ জন থলুৱা উপ- ঠিকাদাৰক টি কে ইঞ্জিনীয়াৰিং এণ্ড কন্সৰ্টিয়াম প্ৰাইভেট লিমিটেড নামৰ চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্হাটোৱে সামগ্ৰী যোগান ধৰাৰ নামত প্ৰায় ৩০ কোটি টকা দিবলৈ আছে।
আনকি দুবাৰকৈ থলুৱা ঠিকাদাৰ সকলে নিৰ্মাণকাৰী সংস্থাটোৰ বিশ্বনাথৰ নাচবৰস্থিত কাৰ্যালয়ত তলা বন্ধ কাৰ্যসূচীও ৰূপায়ণ কৰিছে।
ইফালে এই সন্দৰ্ভত আজি থলুৱা উপ- ঠিকাদাৰ সকলে বৰ্তমানৰ বিশ্বনাথ জিলাৰ উপায়ুক্তক টি.কে. ইঞ্জিনীয়াৰিং এণ্ড কন্সৰ্টিয়াম প্ৰাইভেট লিমিটেডে যাতে থলুৱা উপ- ঠিকাদাৰ সকলক ধন আদায় দিয়াৰ লগতে বিভিন্ন সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে তাৰ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।