NORTHEAST NOW (Assamese)

‍খুজিছিলো ১০০০ আপোনালোকে দিলে মাত্ৰ ৫০ : কেন্দ্ৰক সমালোচনা তেলেংগানা চৰকাৰৰ

June 21, 2020 6:00 pm · এন ই নাও নিউজ
সংগৃহীত

মহামাৰী ক’ৰ’না ভাইৰাছে সকলোকে চিন্তিত কৰি তোলাৰ সময়তে তেলেংগানা চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী এটালা ৰাজেন্দ্ৰই কেন্দ্ৰীয় চৰকাৰ আৰু আই চি এম আৰক তীব্ৰ সমালোচনা কৰিছে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় যে তেলেংগানাই আই চি এম আৰক এক হাজাৰ ভেণ্টিলেটৰ খুজিছিল, কিন্তু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপৰ বাবে তেওঁলোকক মাত্ৰ ৫০ ভেণ্টিলেটৰহে প্ৰদান কৰিলে।

স্বাস্থ্য মন্ত্ৰী ৰাজেন্দ্ৰই কয়, ‍‘আমি ১০০০ ভেণ্টিলেটৰ খুজিছিলো কিন্তু দিলে মাত্ৰ ৫০। প্ৰধান মন্ত্ৰীৰ নিৰ্দেশত আমাৰ মেচিন কলকাতাক প্ৰদান কৰিছে। মেচিন আমি অৰ্ডাৰ দিছিলো কিন্তু আপুনি কলকাতাক পঠিয়ালে’।

তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে আপুনি আমাক পৰ্যাপ্ত সুবিধা আৰু আৰ্থিক সাহায্য প্ৰদান নকৰিলেও আমি কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিছো।

উল্লেখ্য যে তেলেংগানাত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৭ হাজাৰ অতিক্ৰম কৰাৰ বিপৰীতে ২০৩ গৰাকী লোকৰ এই পৰ্যন্ত মৃত্যু হৈছে।

ৰাজ্যখনত যোৱা শনিবাৰে ৰেকৰ্ড সংখ্যক ৫৪৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

Related News