দেওবাৰে প্ৰকাশ পাইছে অসম জাতীয় পৰিষদৰ ৫০ জনীয়া দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। দলটোৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকাই ৰাজনৈতিক বিশ্লেষক আৰু সচেতন লোকক আশ্চৰ্যচকিত কৰি তুলিছে।
আজি প্ৰকাশ কৰা তালিকা অনুসৰি দলটোৱে নাগৰিকত্ব (সংশোধনী) আইন(CAA)ক সমৰ্থন কৰা বৰাক উপত্যকাৰ অতি কমেও পাঁচটা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব।
এইটো উল্লেখ কৰাৰ নিষ্প্ৰয়োজন যে CAAৰ বিৰোধিতাৰে অসমত ভূমিষ্ঠ হৈছিল নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ। যোৱা বৰ্ষত অসমত সৃষ্টি হোৱা CAAৰ বিৰোধী প্ৰৱল গণ আন্দোলনক ৰাজনৈতিক শক্তিলৈ ৰূপান্তৰ কৰি সদৌ অসম ছাত্ৰ সন্থাই জন্ম দিছিল অসম জাতীয় পৰিষদক।
ইফালে সমগ্ৰ বৰাক উপত্যকাৰ বঙালীভাষী হিন্দুসকলে মুকলিকৈ CAAক সমৰ্থন কৰা আহিছে।
তেনে অৱস্থাত স্বৰূপাৰ্থতে বৰাক উপত্যকাৰ লোকসকলে অসম জাতীয় পৰিষদৰ প্ৰতিও বিৰোধ ভাৱ প্ৰদৰ্শন কৰি আহিছে।
কিন্তু দেওবাৰে ঘোষণা কৰা দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকাত দেখা গ’ল যে দলটোৱে বৰাক উপত্যকাৰ তিনিখন জিলাৰ অতি কমেও পাঁচটা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অগ্ৰসৰ হৈছে।
বৰাক উপত্যকাৰ পথাৰকান্দি, ধলাই, উদৰবণ্ড, লখিপুৰ আৰু কাটিগড়া সমষ্টিৰ বাবে আজি অসম জাতীয় পৰিষদে প্ৰাৰ্থী ঘোষণা কৰিছে।
ইয়াৰে দুটা হৈছে হিন্দু বাঙালীপ্ৰধান সমষ্টি আৰু তিনিটা হৈছে মুছলমানপ্ৰধান সমষ্টি।
হিন্দু বাঙালীপ্ৰধান সমষ্টি ক্ৰমে ধলাইত আদিবাসী সম্প্ৰদায়ৰ ৰাম ৰতন ডুচাদ আৰু কাটিগড়া সমষ্টিত বিষ্ণুপুৰী মণিপুৰী সম্প্ৰদায়ৰ সুধান বাবু সিনহাক প্ৰাৰ্থীত্ব দিছে দলটোৱে।
ইফালে পথাৰকান্দিত হুমায়ুন কবীৰ, উদাৰবণ্ডত আইমুল হক লস্কৰ আৰু আলিমুদ্দিন মজুমদাৰক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে অসম জাতীয় পৰিষদে।
অৱশ্যে CAA সমৰ্থকাৰী বৰাক উপত্যকাত অসম জাতীয় পৰিষদে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলেও দলটোৰ স্থিতি উপত্যকাটোত কিমান মজবুত সেয়া নিৰ্বাচনৰ ফলাফলৰ পিছতহে পৰিস্ফূৰ্ত হ’ব।