• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অখিল গগৈসহ কাৰাৰুদ্ধ প্ৰতিবাদকাৰীক শীঘ্ৰে মুক্তিৰ দাবী অসম নাগৰিক সমাজ আৰু আছুৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 22, 2019 10:16 pm
ফটো ফেচবুকৰ পৰা সংগৃহীত

ফটো ফেচবুকৰ পৰা সংগৃহীত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব (সংশোধনী) আইনৰ প্ৰতিবাদত গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত আজি ২২ ডিচেম্বৰত অসম সমাজৰ উদ্যোগত অনুষ্ঠিত মৌন অৱস্থান কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ বৌদ্ধিক মহলে।

অনিমা গুহ, হীৰেণ গোহাঁই, হোমেন বৰগোহাঞি, লক্ষ্মীনন্দ বৰা, দিলীপ হাজৰিকা, হৰেকৃষ্ণ ডেকা, প্ৰদীপ বৰুৱা, ননী বৰপূজাৰী, দীনেশ চন্দ্ৰ গোস্বামী, ৰত্ন ওজা, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যকে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Apply Now

সভাত শান্তিপূৰ্ণ, অহিংস প্ৰতিবাদীৰ ওপৰত দমন নিপীড়ন বন্ধ কৰা, অখিল গগৈ আৰু অন্যান্য সকলক শীঘ্ৰে বিনাচৰ্তে মুক্তি দিয়া, আন্দোলনত চহিদ হোৱা সকলৰ মৃত্যুৰ ন্যায়িক তদন্ত আৰু ক্ষতিপূৰণৰ দাবী তোলা হয়।

বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁইয়ে ‘মৌন’ প্ৰতিবাদস্থলীত আৰক্ষী মোটায়েন কৰাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি কয়, ‘আজি এয়া মৌন অৱস্থান হোৱা স্বত্তেও ইয়াৰ প্ৰতি এনেকুৱা ভাবুকি দিয়াটো আচৰিত কথা। এই ৰাষ্ট্ৰৰ কথা চিন্তা কৰিব লাগিব যি ৰাষ্ট্ৰই আমাক চেপি খুন্দি এই অৱস্থাত পেলাইছে।‘

‘কা’ বিৰোধী আন্দোলনত অসম অকলশৰীয়া নহয় বুলি উল্লেখ কৰি ড০ গোহাঁইয়ে কয় ‘আমি অকলশৰীয়া নহয়, ভাৰতৰ কেওফালে ‘কা’ ৰ বিৰুদ্ধে প্ৰতিবাদ হ’বলৈ ধৰিছে।‘

আনহাতে, এই মৌন অৱস্থানত অংশগ্ৰহণ কৰি আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই সংবাদ মাধ্যমৰ আগত অখিল গগৈ আৰু অন্যান্যসকলক মুকলি কৰি দিবলৈ আহ্বান জনায়।

ভট্টাচাৰ্য্যই কয়, ‘অখিল গগৈ আৰু তেওঁৰ সতীৰ্থসকলক চৰকাৰে গ্ৰেপ্তাৰ কৰাটো অতিকৈ গৰিহণাযোগ্য। অখিল গগৈক নিৰ্য্যাতন চলাই হাত বান্ধি আদালতলৈ লৈ অনা হৈছে। এই নিৰ্যাতন বন্ধ কৰক। অখিল গগৈসহ সকলো সহযোগীক শীঘ্ৰে মুক্তি দিয়ক।‘

ইপিনে, কালি ৰাজ্য চৰকাৰে ঘোষণা কৰা আঁচনিক ললিপপ আখ্যা দি প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই কয় ‘চৰকাৰৰ এইবোৰ ললিপপ। চৰকাৰে এয়া ভোলাইছে। চৰকাৰৰ ভোলুকনিত যদি ভোল যায় তেন্তে ৰাইজে ভুল কৰা হ’ব। চৰকাৰে আগতেও ভোলুকনি দিছিল। এইবাৰ আশা কৰিছো চৰকাৰৰ ভোলুকনিত ৰাইজ ভোল নাযায়।‘

কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি ৰত্ন ওজাই কয় ‘সকলোতকৈ টান পাইছো চৰকাৰখনে নিজৰ মানুহকে ঠগিব খুজিছে। এয়া ক্ষমতাৰ লোভ। আই বন্দী হৈ থাকোতে মোৰ দৰে শিল্পী সাহিত্যিকক কিবা খাবলৈ দিব আহিছে, এইটো আচৰিত কথা।

প্ৰদীপ বৰুৱাই এই কয়, ‘চৰকাৰক আমি কুটুম বুলি ভাবিছিলো, তেওঁলোকক গ্ৰহণ কৰিছিলো। কিন্তু এনেকৈ স্খলন হ’ব বুলি ভবা নাছিলো।কোনো বেয়া বস্তু ৰাইজে গ্ৰহণ নকৰে।‘

‘যেন আমাৰ যুঁজ এখন আহি আছে, জীয়াই থকাৰ যুঁজ। জাতিৰ এই সন্ধিক্ষণত এনেকুৱা এটা কথা আহিছে যে আমাক পঙ্গু কৰিব খোজা হৈছে। আমি সদায় সংবিধানত বিশ্বাস কৰো। সংবিধান বিৰোধী প্ৰচেষ্টা চলিছে তাৰ আমি বিৰোধিতা কৰিছো।‘ দিলীপ হাজৰিকাই কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd