শেহতীয়াভাৱে মহাৰাষ্ট্ৰ আৰক্ষীয়ে দেশৰ কেইবা ঠাইতো অভিযান চলাই পাঁচগৰাকী মানৱ অধিকাৰ কৰ্মী, বুদ্ধিজীৱী, লেখক আৰু অধিবক্তাক গ্ৰেপ্তাৰ কৰা ঘটনাক গৰিহণা দিছে অসম নাগৰিক সমাজে।
সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি অসম নাগৰিক সমাজৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকাই কয়, “চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ লেখক আৰু মানৱ অধিকাৰ কৰ্মীসকলৰ বিৰুদ্ধে এনে দমনমূলক ব্যৱস্থাৰ আশ্ৰয় লৈছে।”
তেওঁ লগতে এই লোকসকলৰ বিৰুদ্ধে কিছুমান মনেসজা অভিযোগ অনা বুলি মন্তব্য কৰি এই অভিযোগবোৰ উঠাই লৈ বিনাচৰ্তে তেওঁলোকক মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনায়।
উল্লেখ্য যে, কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰ আৰক্ষীয়ে তালাচী চলাই প্ৰখ্যাত সাহিত্যিক পি বাৰবাৰা ৰাও, অধিবক্তা সুধা ভৰদ্বাজ, মানৱ অধিকাৰ কৰ্মী অৰুণ ফেৰেৰিয়া, গৌতম নাভালখা আৰু লেখক বেৰনন গনজেলভৰ বিৰুদ্ধে ৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ আনি গ্ৰেপ্তাৰ কৰি তেওঁলোকক আৰক্ষীৰ জিম্মালৈ নিব বিচাৰিছিল। কিন্তু দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ইয়াৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত আৱেদন কৰাত ন্যায়ালয়ৰ নিৰ্দেশ মতে তেওঁলোকক নিজৰ নিজৰ ঘৰতে গৃহবন্দী কৰি ৰাখিবলৈ বাধ্য হয়।
হৰেকৃষ্ণ ডেকাই কয়, “এই লোককেইজনে বহুবছৰ ধৰি আদিবাসী, দলিত আৰু পিছপৰা শ্ৰেণীৰ মানুহৰ অধিকাৰৰ হকে মাত মাতি আহিছে। আদিবাসী আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ অধিকাৰৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব নিদিয়াকৈ কেৱল নিজৰ লাভালাভৰ বাবে বহুজাতিক নিগমবোৰে জধে-মধে প্ৰাকৃতিক সম্পদৰ নিষ্কাশন কৰাৰ তেওঁলোকে বিৰোধিতা কৰি আহিছে।”
এনে কাৰণতে এইসকল বিশিষ্ট মানৱ অধিকাৰ কৰ্মী আৰু লেখক চৰকাৰৰ ৰোষৰ সন্মুখীন হ’ব লগীয়া হৈছে বুলি তেওঁ অভিহিত কৰে।
সংবাদমেলত বিশিষ্ট সাংবাদিক তথা অসম নাগৰিক সমাজৰ কাৰ্যকৰী সভাপতি অজিত কুমাৰ ভূঞাই কয়, “পূৰ্বৰ চৰকাৰৰ সময়তো এনে ধৰণৰ দমনমূলক কাৰ্য চলিছিল, কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰৰ সময়ত ই এক অন্য ৰূপ ধাৰণ কৰিছে।”
তেওঁ কয় যে চৰকাৰে এনে কাৰ্যৰ দ্বাৰা সাধাৰণ জনতাক চৰকাৰৰ অগণতান্ত্ৰিক কাৰ্যৰ বিৰুদ্ধে মাত নামাতিবলৈ সকীয়াই দিছে বুলিও তেওঁ মন্তব্য কৰে।
সংবাদমেলত সংগঠনটোৰ উপ-সভাপতি তথা জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু, সাধাৰণ সম্পাদক পৰেশ মালাকৰো উপস্থিত থাকে।