• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথ কাণ্ড : দোষীক কৰায়ত্ত, ভুক্তভোগীক আৰ্থিক সাহায্যৰ দাবী সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
April 15, 2019 1:16 pm
1(4)

বিশ্বনাথ কাণ্ড সন্দর্ভত অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক আবু বক্কৰ ছিদ্দিকৰ সহযোগত পৰিষদৰ বিশ্বনাথ জিলা সমিতিয়ে চৌকত আলীৰ বুজলৈ বিশ্বনাথ চাৰিআলি মোক্তাৱ মাদ্ৰাছা প্ৰাঙ্গনত দেওবাৰে এখন সংবাদ-মেলৰ আয়োজন কৰে। উক্ত সংবাদ মেলৰ জৰিয়তে পৰিষদে বিশ্বনাথৰ বৰ্বৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ৰাজ্যখনৰ সকলো ধৰ্মাৱলম্বী লোকক ৰঙালী বিহুৰ শুভেচ্ছা জনায়।

সংবাদ-মাধ্যমৰ জৰিয়তে পৰিষদৰ বিষয়ববীয়াসকলে অসম চৰকাৰক দাবী উত্থাপন কৰি কয় যে বিশ্বনাথত সংঘটিত হোৱা অমানৱীয় কাণ্ডৰ লগত জড়িত প্ৰতিজন অভিযুক্তক অতিশীঘ্ৰে কৰায়ত্ব কৰি জেল হাজোতত ৰাখি ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে।

Apply Now

উক্ত ঘটনাটোৰ  আঁৰত জড়িত মূল ষড়যন্ত্ৰকাৰীসকলক আৰক্ষীয়ে চিনাক্ত কৰি আইনমতে শাস্তি দিয়াৰ বাবে দেশৰ উচ্চ পৰ্যায়ৰ ন্যায়ধীশৰ জৰিয়তে নিৰপেক্ষ ন্যায়িক তদন্ত কৰিব লাগে বুলি দাবী কৰি পৰিষদে লগতে ভুক্তভোগী ব্যৱসায়ী চৌকত আলীক অমানৱীয় অত্যাচাৰ কৰাৰ ফলত তেওঁৰ ব্যৱসায় বন্ধ হৈ পৰাৰ বাবে পৰিয়ালক পোহপাল দিবলৈ আৰু তেওঁৰ উন্নত চিকিৎসাৰ বাবে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ দাবী জনায়।

তদুপৰি, চৌকত আলীৰ পৰিয়ালৰ উপযুক্ত কোনো সদস্যক এটি চৰকাৰী চাকৰি প্ৰদান কৰিব লাগে বুলিও পৰিষদে দাবী কৰে।

আনহাতে, উক্ত ঘটনাৰ আলম লৈ যাতে কোনো অপশক্তিয়ে সাম্প্ৰদায়িক বিবাদ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে তেনে অপশক্তিক কঠোৰ হাতেৰে দমন কৰাৰ বাবে সংগ্ৰাম পৰিষদে দাবী জনায়।

ইপিনে,পৰিষদৰ জিলা সভাপতি আব্দুল হাকিম চিকদাৰ আৰু সাধাৰণ সম্পাদক নাজিৰ আহমেদে জিলা প্ৰশাসনক ধন্যবাদ জনাই ৰাইজক আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি কোনোধৰনৰ অপ্ৰীতিকৰ পৰিস্থিতি সংঘটিত নকৰিবলৈ আহ্বান জনায়।

উক্ত সংবাদ মেলত পৰিষদৰ উপ সভাপতি আ: মোনাফ চৌধুৰী, জিলা সমিতিৰ কাৰ্যকৰী সভাপতি দিলোৱাৰ হুছেইন, উপ সভাপতি ৰবিউল হাছান, সা: সম্পাদক বাহাজুদ্দিন জাকাৰীয়াকে ধৰি পৰিষদৰ জিলা তথা আঞ্চলিক পৰ্যায়ৰ নেতাসকল  উপস্থিত থাকে ।

 

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd