• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত সাংবাদিকক পুনৰ আক্ৰমণ : এইবাৰ বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ অসমীয়া প্ৰতিদিনৰ সাংবাদিকক

ভু-মাফিয়া সঞ্জয় ঠাকুৰীয়াৰ বিৰুদ্ধে প্ৰহাৰৰ গুৰুতৰ অভিযোগ!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 15, 2020 6:06 pm
Sangbadik Prohar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা।

এইবাৰ একাংশ জুৱাৰীয়ে সাংবাদিকক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

Apply Now

অসমীয়া প্ৰতিদিন কাকতৰ দক্ষিণ কামৰূপৰ মিৰ্জাৰ সংবাদদাতা মিলন মহন্তক বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে মিৰ্জা অঞ্চলত জুৱাৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে মিলনে দীৰ্ঘদিনে বাতৰি পৰিৱেশন কৰি আহিছিল।

আৰক্ষীৰ এক সুত্ৰই জনোৱা অনুসৰি অভিযুক্ত সঞ্জয় ঠাকুৰীয়া আৰু অন্যান্য আক্ৰমণকাৰীৰ বিৰুদ্ধে পলাশবাৰী থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী সাংবাদিকজনে।

সাংবাদিক গৰাকীক বিদ্যুৎ পৰিৱাহী খুঁটাত বান্ধি প্ৰহাৰত অৱস্থাত

আৰক্ষীয়ে গোচৰ ৰুজু কৰি ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বৰ্তমানলৈকে জানিব পৰা নাই গোচৰ নম্বৰ।

ঘটনা সন্দৰ্ভত ভুক্তভোগী সাংবাদিকজনে সংবাদ মাধ্যমৰ আগত কয় ‘আমি এই অঞ্চলত চলি অহা অবৈধ জুৱাৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰি আহিছিলো। তেনে ক্ষেত্ৰত সঞ্জয় ঠাকুৰীয়া নামৰ মাফিয়াগৰাকীয়ে লগত চাৰি-পাঁচগৰাকী লোকক লৈ তিনিআলি চ’কত বজাৰ কৰি থকা অৱস্থাত প্ৰহাৰ কৰাৰ লগতে বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ কৰিছে। কিয় জুৱাৰ বিৰুদ্ধে বাতৰি কৰিছো আৰু কিয় তেওঁক ভু-মাফিয়া বুলি লিখো এনেকৈ গালি পাৰি মোক প্ৰহাৰ কৰিছে।‘

মূল অভিযুক্ত সঞ্জয় ঠাকুৰীয়া

তেওঁ লগতে কয় ‘জুৱাৰীজনে মোক তেওঁৰ পৰা ১০০০০ টকা ফোন কৰি দাবী কৰা আৰু ভাবুকি দিয়া বুলি প্ৰহাৰ কৰিছে। মোৰ মোবাইলটো কাঢ়ি নি ভাঙিব বিচাৰিছিল। মোক প্ৰহাৰ কৰাৰ সময়ত ভিডিঅ’ও কৰিছিল সিহঁতে।‘

ইপিনে, স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰি সাংবাদিকজনক উদ্ধাৰ কৰি হাতৰ বান্ধ খুলি দিয়ে। তেনে সময়তে পলাশবাৰী আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হোৱাত অভিযুক্ত লোককেইজনে পলায়ন কৰে বুলি সাংবাদিকজনে উল্লেখ কৰে।

তদুপৰি, সঞ্জয় ঠাকুৰীয়াই অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিকজনক হত্যাৰ ভাবুকি দিয়া বুলি অভিযোগ তোলে।

সাংবাদিক মিলন মহন্তক প্ৰহাৰ কৰা ঘটনাক গৰিহণা দিয়ে মানৱ অধিকাৰ কৰ্মী তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডঃ শইকীয়াই কয় ‘তিনিচুকীয়াত সন্দেহজনকভাৱে সাংবাদিকৰ মৃত্যু আৰু আজি নিৰ্ভীক সাংবাদিক মিলন মহন্তক প্ৰহাৰ সঁচাকৈয়ে গৰিহণাযোগ্য। জুৱা খেলৰ বিৰুদ্ধে মাত মাতিবলৈ যাওঁতে বা সমাজ সচেতনমূলক বাতৰি কৰিবলৈ যাওঁতে বিদ্যুতৰ খুঁটাত বান্ধি ৰাখিছে। এই ঘটনাসমূহে প্ৰশাসন আৰু অদূৰ ভৱিষ্যতৰ বাবে নৱ প্ৰজন্মৰ সামাজিক ব্যাধিলৈ ৰূপান্তৰিত হ’ব। দুষ্কৃতিকাৰীৰ ইমানেই সাহস হৈ যাব যে কাকোৱেই নমনা হৈ যাব।‘

‘চৰকাৰ তথা আৰক্ষী প্ৰশাসনে এইবোৰ ঘটনা নিয়ন্ত্ৰণ কৰাৰ লগতে এই ঘটনাৰ সৈতে জড়িতসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। তিনিচুকীয়াৰ সাংবাদিকৰ সন্দেহজনক মৃত্যুৰো এক উচিত তদন্ত হ’ব লাগে।‘ শইকীয়াই লগতে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd