NORTHEAST NOW (Assamese)

১৬ বছৰৰ পাছত মুখ্যমন্ত্ৰীৰে সৈতে তিনিঘণ্টা জোৰা গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ল আছু

September 7, 2021 8:38 pm · কল্পজ্যোতি শইকীয়া

১৬ বছৰৰ পাছত মুখ্যমন্ত্ৰীৰে সৈতে তিনিঘণ্টা জোৰা গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ল সদৌ অসম ছাত্ৰ সন্থা।

সদৌ অসম ছাত্ৰ সন্হাৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ উপস্থিতিত  ৪১ জনীয়া দলৰ এই আলোচনাত অংশগ্ৰহণ কৰে।

অসম চুক্তিৰ ৰূপায়নৰ বাবে আলোচনাৰ অন্তত আছু নেতৃত্বই জনোৱা অনুসৰি এখন কমিটী গঠন কৰা হ’ব, আছুৰ ফালৰ পৰা ৫ গৰাকী আৰু চৰকাৰৰ ৩ গৰাকী মন্ত্ৰী থাকিব এই কমিটীত

* এই কমিটীয়ে এখন ৰ’ড মেপ নিৰ্মাণ কৰিব।

* এই কমিটীৰ যোগেদি চৰকাৰৰ সৈতে আলোচনা কৰি অসম চুক্তিক অনাগত দিনত আগুৱাই নিয়া হ’ব। এই কমিটীয়ে তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।

* স্কুলীয়া পাঠ্যক্ৰমত ভূপেন হাজৰিকাৰ নামত পাঠ সন্নিৱিষ্ট কৰাৰ দাবী তুলিছিল আছুৱে ইয়াত সহমত দিছে মুখ্যমন্ত্ৰীয়ে

* সাংবিধানিক ৰক্ষা কৱচ ৬ নং দফা, অৰ্থনৈতিক ৰক্ষা কৱচ, ভাৰত বাংলাদেশ সীমান্ত চীল কৰা ৯ নং দফাক লৈ সৱিশেষ আলোচনা

* চুক্তি ৰূপায়ণৰ সকলো কথা আজি আলোচনা কৰা হৈছিল

* ৰাজধানী নতুন দিল্লীত ভূপেন হাজৰিকাৰ নামত আন্ত:ৰাষ্ট্ৰীয় সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰাৰ দাবী

* গুৱাহাটী ৰেলৱে ষ্টেচন ভূপেন হাজৰিকাৰ নামত দিয়াৰ দাবী

আছুৱে ভূপেন হাজৰিকাৰ নামত দিয়া ৭ টা দাবী চৰকাৰে মানি লোৱা বুলি মন্তব্য সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ।

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প, বৃহৎ নদীবান্ধ বন্ধ হ’ব লাগে বুলি আজি আছুৱে পুনৰ চৰকাৰৰ দৃষ্টি গোচৰ কৰিছে।

কা বাতিল কৰাৰ আহ্বান ৰাজ্য চৰকাৰক।

শ্বহীদৰ পৰিয়ালৰ নিৰ্যাতিত ব্যক্তিক কৰ্ম সংস্হাপনক লৈও কমিটীয়ে প্ৰতিবেদন দিব

ভূপেন হাজৰিকাৰ নামত গুৱাহাটী,ডিব্ৰুগড়,তেজপুৰ বিশ্ববিদ্যালয়ত আসন সংস্হাপনৰ দাবী

“ছাত্ৰ সন্হাৰ স্পষ্ট মত আলোচনা সম্পন্ন হ’ল গতিকে এতিয়া ফলাফল লাগে। আলোচনা সম্পূৰ্ণ হ’লে আছু আৰু অসমৰ ৰাইজ আস্বস্ত হ’ব পাৰিব।” ডঃ ভট্টাচাৰ্য্যই এইদৰে কয়।

Related News