অসম আন্দোলনৰ অগ্ৰণী নেতা জ্যোতিষ চন্দ্ৰ হাটখোৱাৰ মৃত্যু, দল-সংগঠনৰ শোক প্ৰকাশ

ছবছৰীয়া অসম আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা তথা সমাজকৰ্মী জ্যোতিষ চন্দ্ৰ হাটখোৱাৰ ২৪ অক্টোৱৰৰ দিনা গুৱাহাটীৰ হাতীগড় চাৰিআলিস্থিত নিজা বাসভৱনত মৃত্যু ঘটে।

মৃত্যুৰ সময়ত হাটখোৱাৰ বয়স হৈছিল ৮৩ বছৰ।

পঞ্চতীৰ্থ হাজোত জন্মগ্ৰহণ কৰা জ্যোতিষ চন্দ্ৰ হাটখোৱা সৰুৰে পৰা জাতীয়তাবাদী মনোভাৱৰ আছিল।

ছবছৰীয়া অসম আন্দোলনৰ সময়ত হাটখোৱাই সক্ৰিয়তাৰে আন্দোলনত জঁপিয়াই পৰি চৰকাৰী পক্ষৰ ৰোষত পৰিবলগীয়া হৈছিল।

দৃঢ় মনোবলৰ হাটখোৱাই অৱশ্যে চৰকাৰী নিৰ্যাতনৰ পিছতো আন্দোলনৰ পথৰ পৰা আঁতৰি যোৱা নাছিল।

হাটখোৱা সদৌ অসম বেংক কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল।

জন্মভূমি হাজোৰ প্ৰায় প্ৰতিটো সামাজিক অনুষ্ঠানৰ সৈতে তেওঁ জৰিত আছিল ।

প্ৰয়াত হাটখোৱাই পূব গুৱাহাটী বিহু সন্মিলনীৰ লগতে গুৱাহাটীৰ কেইবাটাও সামাজিক অনুষ্ঠানত বিষয়ববীয়া হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।

জ্যোতিষ চন্দ্ৰ হাটখোৱাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছতে তেওঁৰ জন্মভূমি হাজোৰ লগতে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰে।

হাটখোৱাৰ মৃত্যুত বিভিন্ন দল-সংগঠনে গভীৰ শোক ব্যক্ত কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

মৃত্যুৰ সময়ত হাটখোৱাই পত্নীৰ লগতে দুই পুত্ৰ ক্ৰমে প্ৰতিষ্ঠিত ব্যৱসায়ী মৃণাল হাটখোৱা, কলকাতা নিবাসী বিশিষ্ট সাংস্কৃতিক সংগঠক হিতেন ৰাজখোৱাসহ দুই বোৱাৰী ,নাতি-নাতিনীৰ লগতে অনেক আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।