• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমক বহিৰাগত বৃহৎ বণিয়াৰ উপনিৱেশত পৰিণত কৰিছে হিমন্ত বিশ্ব শৰ্মাই : অজিত কুমাৰ ভূঞা

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 6, 2025 4:32 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

”হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত অতি দ্রুত হাৰত থলুৱা মানুহৰ মাটি – ভেটি বহিৰাগত বণিয়াৰ দখললৈ যাব ধৰিছে। থলুৱা জনজাতীয় মানুহক ভূমিহীন কৰি চিৰদিনলৈ ৰাজনৈতিকভাৱে পংগু কৰাৰ এক বৃহৎ ষড়যন্ত্র মূখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আৰম্ভ কৰাই নহয়, বহুদূৰ আগুৱাই লৈ গৈছে। কেৱল কমিছন আৰু গাদী ৰক্ষাৰ স্বাৰ্থত বিশেষকৈ জনজাতীয় মানুহক নিজৰ পৈতৃক ভূমিৰ পৰা বিতাড়িত কৰি সেই মাটি অবৈধভাবে আদানী আম্বানী ৰামদেৱ – জয় শ্বাহৰ দৰে বহিৰাগতক গটাই দিবলৈ হিমন্ত বিশ্ব অতি উৎসাহেৰে আগুৱাই আহিছে।”

নতুন দিল্লীত আজি এক সংবাদমেলযোগে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৰাজ্যসভাৰ সাংসদ তথা জাতীয় দল, অসমৰ সভাপতি অজিত কুমাৰ ভূঞাই। ভূঞাই কয় যে এডভান্টেজ অসমৰ নামত কেৱল মাত্র বণিয়াৰ ‘এডভান্টেজ’ কৰিবলৈ অসমৰ অতি মূল্যবান লাখ লাখ বিঘা মাটি পানীৰ দৰত কোম্পানিক বিক্ৰী কৰিবলৈ সাজু হৈছে অসম চৰকাৰ। গুৰুত্বপূৰ্ণ কিছু তথ্য দাঙি ধৰি ভূঞাই কয় যে- কাৰ্বি আংলঙৰ ২৩ খন গাৱৰ ২০,০০০ কার্বি, আদিবাসী আৰু নগালোকক উচ্ছেদ কৰি সৌৰশক্তি প্রকল্প স্থাপনৰ বাবে ১৮০০০ বিঘা মাটি গৌতম আদানীক গটোৱাৰ সিদ্ধান্ত লোৱা হৈছে।

Apply Now

একেখন জিলাতেই ৫০,০০০ বিঘা মাটি কমপ্রেছদ বায়’গেছ প্রকল্পৰ বাবে মুকেশ আম্বানীক গটোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে।

পলাশবাৰীৰ ৰামপুৰ অঞ্চলৰ দৰাবিলৰ ১৫০ বিঘা মাটি লজিষ্টিক পার্ক নির্মাণৰ বাবে বহিৰাগত কোম্পানীক গটোৱাৰ সিদ্ধান্ত হৈছে।

পলাশবাৰীৰেই বৰদৱাৰ অঞ্চলৰ ২১০০ ৰো অধিক জনজাতীয় পৰিয়ালক উচ্ছেদ কবি ১৫০০ একৰ ভূমি চেটেলাইট টাউনশ্রীপৰ নামত বহিৰাগত কোম্পানিক গটোৱাৰ সিদ্ধান্ত কাগজে কলমে সম্পূর্ণ হৈছে।

গোলাঘাটৰ ফলঙনী বীজ পামৰ ৭৫ বিঘা মাটি ৰামদেৱক গটোৱাৰ পৰিকল্পনা কৰা হৈছে।

নগাঁৱৰ মিকিৰ বামুণীৰ কেইবাহাজাৰো কাৰ্বি আৰু আদিবাসী লোকক উচ্ছেদ কৰি ২৭৬ বিঘা মাটি ‘এজিউৰ পাৱাৰ’ নামৰ এটা বহিৰাগত কোম্পানীক গটোৱা হৈ গৈছে।

কোকৰাঝাৰ জিলাব পর্বতঝোৰা বাছবাৰী অঞ্চলৰ কেইবাহাজাৰ বড়োলোকক উচ্ছেদ কৰি ৩,৬০০ বিঘা মাটি গৌতম আদানীক গটোৱাৰ সিদ্ধান্ত হৈছে। কাজিৰঙাৰ ৪৫ বিঘা মাটি আদিবাসী মানুহৰ পৰা বৃহৎ হোটেল কোম্পানিক ইতিমধ্যেই গটাই দিয়া হৈছে।

লগতে ভূঞাই কয়, “ এনেদৰে এখন দীঘলীয়া তালিকা। যাৰ বাবে অসমৰ খিলঞ্জীয়া, থলুৱা জনতাই প্রতিবাদৰ পতাকা লৈ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। বিগত সময়ত আমিও ইয়াৰ প্রতিবাদ কৰিছো আৰু ৰাজ্যসভাতো এই বিষয়ে চৰকাৰক জবাবদিহি কৰিবলৈ চেষ্টা কৰিছো। জাতি মাটি ভেটিৰ শ্লোগান দি ক্ষমতা দখল কৰা বিজেপি দলে মূখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আৰু অসমীয়া জাতিক বহিৰাগত বৃহৎ বণিয়াৰ সম্পূর্ণ উপনিৱেশ (Colony) ত পৰিণত কৰিছে। গতিকে এই কথা বুজি জনজাতীয় ৰাইজে অবিৰতভাবে প্রতিবাদত মুখৰ হৈ পৰিছে। মন কৰিবলগীয়া যে বিভিন্ন চল-চাতুবীৰে মূখ্যমন্ত্রী শর্মাই এই আন্দোলনতো ভাঙোন আনিবলৈ অহৰহ প্রচেষ্টা চলাইছে। যি দেখা গৈছে, ৰাজ্যখন চলাব নোৱাৰা পৰিস্থিতি এটাত মূখ্যমন্ত্ৰীগৰাকী সোমাই পৰিছে। এনে অৱস্থাত আমি মূখ্যমন্ত্রী শর্মাৰ পদত্যাগ দাবী কৰিছো। অতি উদ্বেগজনক ভাবে খিলঞ্জীয়া মানুহে সম্মুখীন হোৱা এই জ্বলন্ত সমস্যাবোৰ কৌশলেৰে ঢাকি ৰাখিবলৈ মূখ্যমন্ত্রী গৰাকীয়ে অন্যান্য কিছুমান তৰল বিষয় উত্থাপন কৰি ৰাজ্যখনক সম্পূর্ণ ধ্বংসৰ মুখলৈ ঠেলি দিছে। গতিকে এই পৰিস্থিতিত জাতি-মাটি-ভেটিৰ নামত সর্বনাশ মাতি অনা মূখ্যমন্ত্ৰীগৰাকীৰ শাসনত থকাৰ কিবা অধিকাৰ আছেনে!”

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd