হাইলাকান্দি জিলাৰ এটা অংগনৱাড়ী কেন্দ্ৰ পেলনীয়া প্লাষ্টিক বটল আৰু আন জৈৱিকভাৱে অপচনীয় সামগ্ৰীৰে নিৰ্মাণ কৰা হ’ব।
জিলাখনৰ অতিৰিক্ত উপায়ুক্ত আৰ কে ডামে কয় যে লালা ব্লকৰ সিংহল অঞ্চলত থকা এই কেন্দ্ৰটো ৩.৪৬ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব।
জিলা প্ৰশাসনৰ উপৰি য়ু এন ডি পি, ৰাজ্যিক শিক্ষা, সমাজ কল্যাণ আৰু গড়কাপ্টানী বিভাগো প্ৰকল্পটোৰ অংশ হ’ব, বিষয়াজনে কয়।
কৌশলটোৰ বিৱৰণ দি তেওঁ কয় যে Ecobricks বুলি কোৱা এই আৱৰ্জনাপূৰ্ণ প্লাষ্টিকৰ ইটাবোৰ মজবুত কৰি ধৰি ৰাখিবলৈ তৰল চিমেণ্ট ব্যৱহাৰ কৰা হ’ব।
ভূমিকম্পৰ সৈতে স্থিতাৱস্থাত থাকিব পৰা ঘৰটোৰ কোঠাবোৰ এই ইক’ব্ৰিকৰ মাজত ফুটা কৰি ভেণ্টিলেশ্যনযুক্ত কৰা হ’ব।
প্লাষ্টিক বৰ্জন অভিযানৰ অংশ হিচাপে জিলা প্ৰশাসনে ৭ ফেব্ৰুৱাৰিত এটা কৰ্মশালা আৰু এটা সমদলৰ আয়োজন কৰে, য’ত কেনেকৈ প্লাষ্টিক বটলবোৰ ইক’ব্ৰিকলৈ সলনি কৰিব পাৰি সেই সম্পৰ্কীয় সজাগতা সৃষ্টিৰ চেষ্টা কৰা হয়।
হাইলাকান্দি পৌৰ সভাৰ সহযোগত অনুষ্ঠিত সমদলটো শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত ডামে। শিশুসকলেও ইয়াত অংশগ্ৰহণ কৰে।
“এতিয়াৰ পৰা তোমালোকে হাতত থকা প্লাষ্টিকৰ বটলটোক পেলাই দিব লগীয়া জাবৰ বুলি নাভাবিবা। ইয়াক বেলেগ এটা বস্তু বনোৱাৰ আধাৰ বুলি ধৰিবা”, ডামে শিশুসকলক উদ্দেশ্যি কয়।
তেওঁ এই ইক’ব্ৰিকৰ ধাৰণাটো গুৱাটেমালাত প্ৰথমে উদ্ভাৱন হৈছিল বুলি জানিবলৈ দিয়ে।
ইয়াৰ জৰিয়তে আৱৰ্জনা এটা মজবুত আৰু ক্ৰয়সাধ্য নিৰ্মাণ সামগ্ৰীত পৰিণত হয় আৰু একে সময়তে, নিয়োগহীনতা, আৱৰ্জনা আৰু গৃহহীনতাৰ সমস্যাকেইটাও সমাধান হৈছে, তেওঁ কয়।
তেওঁ লগতে ইক’ব্ৰিক আৱৰ্জনা নিষ্কাশনৰ এটা সুকীয়া ধৰণ বুলিও কয়।
“জিলা প্ৰশাসনে ইতিপূৰ্বে প্লাষ্টিক বেংক স্থাপন কৰিছে, য’ত নাগৰিকসকলে ছিংগল-য়ুজ প্লাষ্টিক সামগ্ৰী জমা দিয়ে। পিছত এইবোৰ ইক’ব্ৰিকত পৰিণত কৰা হয়”, ডামে কয়।