NORTHEAST NOW (Assamese)

বিদেশী ঘোষিত মহিলাক যোৰহাটৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ

August 8, 2019 10:11 pm · ৰিতুপল্লৱ শইকীয়া
Updated: August 9, 2019 4:30 pm

বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে বিদেশী বুলি ঘোষিত হোৱা এগৰাকী মহিলাক আজি গোলাঘাট সীমান্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি যোৰহাটৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰে।

সমগ্ৰ বিষয়টোৰ তত্বাৱধান কৰা সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ দহোটীয়াই দিয়া তথ্য অনুসৰি উক্ত মহিলাগৰাকীৰ নাম আৰিফা বেগম (৩৮)।

ৰমজান আলী নামৰ এজন ব্যক্তিৰ পত্নী তথা তিনিটা সন্তানৰ মাতৃ মহিলাগৰাকীৰ বিৰুদ্ধে যোৱা ফেব্ৰুৱাৰী মাহত যোৰহাটৰ বিদেশী ন্যায়াধীকৰণে দিয়া ৰায়ৰ ভিত্তিত আৰক্ষীয়ে উক্ত পদক্ষেপ গ্ৰহণ কৰে।

কামৰূপ মেট্ৰ’ জিলাৰ সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কপালকতা গাঁৱৰ নিবাসী মহিলাগৰাকী বৰ্তমান বোকাখাতৰ বালিজানত বসবাস কৰি আছিল।

আৰক্ষী বিষয়াগৰাকীয়ে দিয়া তথ্য অনুসৰি বৰ্তমানলৈকে জিলাখনৰ বিভিন্ন স্থানৰ ৯২৬ জন লোকক ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰিছে। ইয়াৰে ২৬ জন লোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে।

 

Related News