আহি আছে লানি নিছিগা বন্ধ! আছু, মটৰ শ্ৰমিকৰ পিছত এইবাৰ ব্ৰহ্মপুত্ৰৰ ফে’ৰি সেৱা

assam Bandh

প্ৰতীকী ছবি।

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে আছুসহ অসমৰ ৩০টা সংগঠন আৰু নেছ’ই মঙলবাৰে আহ্বান কৰা উত্তৰ-পূব বন্ধৰ মাজতে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত বন্ধ থাকিব ফে’ৰি সেৱা।

৬ দফীয়া দাবী পূৰণ কৰাৰ দাবীত সোমবাৰে পুৱা ৫ বজাৰ পৰা মঙলবাৰে পুৱা ৫ বজালৈকে ২৪ ঘণ্টা ধৰি ফে’ৰি সেৱা বন্ধ ৰখাৰ ঘোষণা কৰিছে সদৌ অসম অভ্যন্তৰীণ জল পৰিবহণ শ্ৰমিক সংঘই।

লগতে পঢ়ক– স্তব্ধ হ’ব সমগ্ৰ ভাৰত, মোদীৰ দেশবিৰোধী, জনবিৰোধী নীতিৰ বিৰুদ্ধে বৃহত্তম শ্ৰমিক-আন্দোলন

আছু আহ্বায়িত বন্ধটোলৈ ইতিমধ্যে বিধেয়ক বিৰোধী অসমৰ ৭০টা সংগঠনেও সৰ্বাত্মক সমৰ্থন ঘোষণা কৰিছে।

মোদী চৰকাৰৰ “শ্ৰমিক বিৰোধী” নীতিৰ প্ৰতিবাদত সৰ্বভাৰতীয় শ্ৰ্মিক সংগঠনসমূহে ৮ আৰু ৯ জানুৱাৰিত ধৰ্মঘট ঘোষণা কৰিছে। অসম মটৰ পৰিবহণ শ্ৰমিক সংগঠনবোৰে সেই আন্দোলনলৈ সমৰ্থন আগ বঢ়াই ৮ আৰু ৯ জানুৱাৰিত ৪৮ ঘণ্টীয়া চকা বন্ধৰ আহ্বান দিছে।

একেদিনাই সদৌ অসম চাহ মজদুৰ সংঘ আৰু আক্ৰাছুৱেও অসম বন্ধৰ আহ্বান কৰিছে।

২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে ৩৫০ টকাকৈ দৈনিক মজুৰি দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়াৰ বিপৰীতে বিজেপি শাসিত অসমৰ চৰকাৰী বাগানতে মজুৰি মাত্ৰ ১১৫ টকা হৈ থকাৰ প্ৰতিবাদত চাহ মজদুৰ সংগঠনটোৱে বন্ধ আহ্বান কৰিছে।

তাৰ বিপৰীতে বিজেপিৰ আন এক নিৰ্বাচনী প্ৰতিশ্ৰুতি জনজাতিকৰণ ঘোষণা নকৰাৰ প্ৰতিবাদত বন্ধ আহ্বান কৰিছে কোঁচ ৰাজবংশী সংগঠন আক্ৰাছুৱে।