কাশ্মীৰ-কাণ্ডত দেশ দুশ্চিন্তাত থকাৰ সময়তে ‘‘ভাৰতৰ মনৰ কথা, মোদীৰ সৈতে” শীৰ্ষক প্ৰচাৰ অভিযানৰ শুভাৰম্ভণি বিজেপিৰ

Baharat ki baat

আজি অসম লোকসভা আয়োগৰ কাৰ্য্যালয়ৰ সন্মুখত "ভাৰতৰ মনৰ কথা, মোদীৰ সৈতে" কাৰ্য্যসূচীৰ শুভাৰণি কৰিলে অসম বিজেপিয়ে।

কাশ্মীৰ-কাণ্ডই গোটেই দেশকে উদ্বিগ্ন আৰু শোকদগ্ধ কৰি থকাৰ মাজতে আজি বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসমত “ভাৰতৰ মনৰ কথা, মোদীৰ সৈতে” (ভাৰত কী মন কী বাত নৰেন্দ্ৰ মোদী কে চাথ) শীৰ্ষক প্ৰচাৰ অভিযানৰ শুভাৰম্ভণি কৰে।

যোৱা ৩ ফেব্ৰুৱাৰিত ভাৰতীয় জনতা পাৰ্টীয়ে আনুষ্ঠানিকভাৱে এই প্ৰচাৰ অভিযান ৰ শুভাৰম্ভণি কৰিছিল। অসমত আজি ৫খনকৈ গাড়ী মুকলি কৰি অসম লোকসভা আয়োগৰ কাৰ্য্যালয়ৰ সন্মুখত কাৰ্য্যসূচীটোৰ শুভাৰম্ভণি কৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অসমৰ আটাইকেইখন জিলা ভ্ৰমণ কৰি এই গাড়ীকেইখনেৰে গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰ কৰা হ’ব। উজনি, নামনি, বৰাক উপত্যকাকে ধৰি প্ৰতিটো সমষ্টিলৈ যাব বাহনকেইখন।

এই প্ৰচাৰ কাৰ্য্যসূচীত ৰাইজৰ মনৰ কথাসমূহ সন্নিৱিষ্ট কৰি সেইবোৰৰ নিৰ্বাচিত কিছুমান লোকসভা নিৰ্বাচনী ইস্তাহাৰত অন্তৰ্ভুক্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে দলটোৱে।

অনুষ্ঠানটোত উপষ্টিত আছিল দলটোৰ অসমৰ নিৰ্বাচনী প্ৰভাৰী মহেন্দ্ৰ সিং, অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাস, বিধায়ক ড০ নোমল মমিন, ফণীন্দ্ৰ নাথ শৰ্মা।

অসম বিজেপিয়ে জোনোৱা মতে, জনসাধাৰণৰ মনত থকা ভাববোৰ প্ৰকাশ কৰাৰ সুযোগ দিয়াৰ বাবে এই ব্যবস্থা গ্ৰহণ কৰা হৈছে। মনৰ কথা ক’বলৈ ভোটাৰে নামো app অথবা 6357171717 নম্বৰো ব্যৱহাৰ কৰিব পাৰে বুলি জনালে।

উল্লেখযোগ্য যে কাশ্মীৰ কাণ্ডৰ পিছ দিনাই কংগ্ৰেছৰ বহু কেইজন প্ৰাৰ্থিত্ব প্ৰয়াসীয়ে আগন্তুক লোকসভাৰ বাবে টিকট বিচাৰি আৱেদন দিছিলহি গুৱাহাটীৰ ৰাজীৱ ভৱনত। একেদৰে মোদী, অমিত শ্বাহেও বাদ দিয়া নাই তেওঁলোকৰ ৰাজনৈতিক সভা-সমিতি।