তিনিচুকীয়া জিলাত এগৰাকী আৰক্ষী বিষয়াক আক্ৰমণ কৰাৰ অভিযোগত তথা দলৰ ভাবমূৰ্তি ম্লান কৰাৰ বাবে বিজেপিয়ে দলৰ এগৰাকী মহিলা নেত্ৰীক নিলম্বন কৰিছে।
বিজেপি দলৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে দলৰ ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য দিপাঞ্জলি কাকতিক দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে দলৰ পৰা নিলম্বিত কৰিছে।
বিবৃতিটোত লগতে কোৱা হয় যে কাকতিৰ বিৰুদ্ধে এগৰাকী আৰক্ষী বিষয়াক কৰ্তব্যত বাধা দিয়া আৰু দুৰ্ব্যৱহাৰ কৰাৰ বাবে এটা গোচৰ ৰুজু হৈছে যিটোৱে দলৰ ভাৱমূৰ্তি ম্লান কৰিছে।
সেয়েহে, কাকতিক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলৰ পৰা নিলম্বন কৰা হৈছে।
অভিযোগ অনুসৰি, অসম ৰাজ্যিক বিজেপিৰ কাৰ্যবাহী সদস্য গৰাকীয়ে কাকপথাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক অপূৰ্ব দাসক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল আৰু এগৰাকী মহিলাই দাখিল কৰা এক আক্ৰমণৰ ঘটনাৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে জেৰাৰ বাবে মাতি নিয়া তেওঁৰ ড্ৰাইভাৰ শ্ৰীকান্ত ফুকনক বলপূৰ্বকভাৱে মোকলাই আনিছিল।
কাকতিৰ বিৰুদ্ধে যোৱা ৮ নৱেম্বৰত দাখিল কৰা এজাহাৰত দাসে অভিযোগ কৰিছিল যে বিজেপি নেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে তেওঁৰ সম্পৰ্কৰ গুৰুত্ব প্ৰকাশ কৰি বিষয়াগৰাকীৰ চাকৰি খোৱাৰ ভাবুকি দিছিল আৰু তেওঁক আক্ৰমণ কৰিছিল।
কাকতি বৰ্তমান ‘পলাতক’। আৰক্ষীয়ে কাকতিৰ বিৰুদ্ধে অশালীন ব্যৱহাৰ, শাৰীৰিকভাৱে আক্ৰমণ আৰু এগৰাকী আৰক্ষী বিষয়াক তেওঁৰ কৰ্তব্য সম্পাদনত বাধা দিয়াৰ বাবে এটা গোচৰ ৰুজু কৰিছে।