NORTHEAST NOW (Assamese)

বৰাক নদীত উদ্ধাৰ সন্ধানহীন হৈ থকা শিলচৰৰ ছাত্ৰৰ মৃতদেহ; হত্যাৰ সন্দেহ

January 8, 2025 12:39 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৱবৰ্ষৰ দিনা নিৰুদ্দেশ হৈছিল শিলচৰ জিচি কলেজৰ কলা বিভাগৰ ছাত্ৰ পূৰ্ণচন্দ্ৰ বৰ্মন।

হোৱাৰ এসপ্তাহৰ ধৰি নিৰুদ্দেশ হৈ আছিল ছাত্ৰগৰাকী। এসপ্তা্হৰ পিছত এতিয়া বৰাক নদীত উদ্ধাৰ হয় পূৰ্ণচন্দ্ৰ বৰ্মনৰ মৃতদেহ।

কাছাৰৰ বৰখোলাৰ উজান গাঁৱৰ পূৰ্ণচন্দ্ৰ বৰ্মন যোৱা ৩১ ডিচেম্বৰৰ নিশা চেংকুডী ৰোডৰ ভাড়াঘৰৰ পৰা নিশা ১১ বজাত নিৰুদ্দেশ হৈছিল।

মঙলবাৰে কাছাৰৰ কাটিগড়াত স্থানীয় ৰাইজে নদীত এটা পচি যোৱা মৃতদেহ উদ্ধাৰ কৰে, যিটো মৃতদেহ পিছত বৰ্মনৰ পৰিয়ালে চিনাক্ত কৰে। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

মৃতদেহ উদ্ধাৰৰ বৰ্মনক নদীত পেলোৱাৰ পূৰ্বে হত্যা কৰা হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related News