• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধান সভাত গৃহীত হ’ল অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক, ২০২০

বুধবাৰে ধ্বনি ভোটত গৃহীত হ’ল বিধেয়কখন

অণিৰ্বান পাঠক by অণিৰ্বান পাঠক
December 30, 2020 3:11 pm
assam-le
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডৰ সংক্ৰমণৰ মাজতে অনুষ্ঠিত হোৱা অসম বিধান সভাৰ অধিৱেশনত আজি  গৃহীত হ’ল অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক, ২০২০। ধ্বনি ভোটত গৃহীত  কৰা হয় বহু চৰ্চিত  বিধেয়কখন।

বড়ো ভাষাক অসমৰ সহযোগী চৰকাৰী ভাষা স্বীকৃতি দিয়াৰ বাবে গৃহীত হ’ল এই বিধেয়ক। বিটিআৰ চুক্তি অনুসৰি বড়ো ভাষাক অসমৰ সহযোগী চৰকাৰী ভাষাৰ মৰ্য্যাদা প্ৰদানৰ প্ৰস্তাৱ আছিল।

Apply Now

আজি গৃহীত হোৱা এই বিধেয়কৰ জৰিয়তে বড়ো ভাষাই অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে নিশ্চিতি লাভ কৰিলে।প্ৰথমে এই বিধেয়কখনত সংশোধনীৰ প্ৰস্তাৱ আনিছিল বিধায়ক কমলাক্ষ দে পুৰকায়স্থই। বিধায়ক পুৰকায়স্থই বড়োৰ সৈতে বাংলা ভাষাকো অসমৰ সহযোগী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ দাবী কৰে।

এই বিষয় লৈ সদনত বিতৰ্ক হয়। কমলাক্ষ দে পুৰকায়স্থৰ যুক্তি অসমত ৯০ লাখ মানুহে বাংলা  ভাষা কয়, কিন্তু বড়োভাষী লোকৰ সংখ্যা প্ৰায় ১৪ লাখহে। সেয়ে বাংলা ভাষাৰ ক্ষেত্ৰতো বড়ো ভাষাৰ দৰেই পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ দাবী জনাইছিল।

বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ সংশোধনী প্ৰস্তাৱৰ বিপৰীতে সদনত বক্তব্য ৰাখে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ড০ হিমন্ত বিশ্ব শৰ্মাই। প্ৰসংগ আহিল বিটিআৰ চুক্তিৰ। বিশ্বৰ বৃহৎ সংখ্যক লোকে কোৱা ভাষাৰ ভিতৰত পৰে বাংলা ভাষা। অসমতো বৰাক উপত্যকাৰ তিনিখন জিলাৰ চৰকাৰী ভাষা বাংলা। তৎসত্বেও সমগ্ৰ অসমত বাংলা ভাষাক সহযোগী ভাষাৰ স্বীকৃতি দিয়াৰ প্ৰয়োজনহীনতাৰ কথা দোহাৰিলে দুয়োগৰাকী মন্ত্ৰীয়ে।

অৱশ্যে শেষত বিৰোধী বিধায়ক কমলাক্ষৰ এই প্ৰস্তাৱ উঠাই ল’লে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। কিন্তু নিজৰ মতত অটল  হৈয়েই থাকিল বিধায়ক কমলাক্ষ দে পুৰকায়স্থ। প্ৰকৃততে বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ এয়া জাতি প্ৰীতি নে এয়া এক ৰাজনীতি তাকে লৈ বহুতৰে মনত প্ৰশ্নৰ উদয় হোৱা দেখা গৈছে। সেই একে সন্দেহেই ব্যক্ত কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো।
বাইটঃ
অৱশ্যে সৰ্ব শেষত সৰ্বসন্মতভাৱে গৃহীত হ’ল অসম চৰকাৰী ভাষা সংশোধনী বিধেয়ক, ২০২০। বিধেয়কখনত এতিয়া  কেৱল ৰাজ্যপালৰ অনুমোদনহে বাকী আছে। ৰাজ্যপালৰ অনুমোদনৰ পিছতেই বড়ো ভাষাই অসমৰ সহযোগী চৰকাৰী ভাষাৰ মৰ্য্যাদা লাভ কৰিব।

অণিৰ্বান পাঠক

অণিৰ্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd