NORTHEAST NOW (Assamese)

Assam Career : ইএছআইচি চিকিৎসালয়, তিনিচুকীয়াত পদ খালী, কোনে কৰিব পাৰিব আবেদন?

August 18, 2022 3:59 pm · এন ই নাও নিউজ, গুৱাহাটী

ইএছআইচি চিকিৎসালয় তিনিচুকীয়াত বিভিন্ন চিকিৎসা পদৰ বাবে আবেদন বিচৰা হৈছে।

ই.এছ.আই.চি. চিকিৎসালয়, তিনিচুকীয়াই বিশেষজ্ঞ আৰু জি.ডি.এম.ও./চিকিৎসা বিষয়াৰ খালী পদৰ বিপৰীতে চুক্তিৰ ভিত্তিত যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে।

পদৰ নাম : জ্যেষ্ঠ আৱাসী

পদৰ সংখ্যা : ৭

বিভাগ অনুসৰি খালী পদসমূহ:

মেডিচিন : ১
প্ৰসূতি আৰু স্ত্ৰীৰোগ : ১
শিশু ৰোগ : ১
পেথ’লজী : ১
অস্ত্ৰোপচাৰ : ১
জৰুৰীকালীন বিভাগ : ১

Also read : Assam Career : IIT Guwahati ১৬ টা খালী পদৰ বাবে আবেদন আহ্বান

অৰ্হতা : স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা সংশ্লিষ্ট বিশেষত্বত পিজি ডিগ্ৰী বা সমতুল্য/ পিজি ডিপ্লোমা সহ এম.বি.বি.এছ. কেজুৱেলিটি বিভাগৰ বাবে, যিকোনো বিষয়ত পিজি ডিগ্ৰী বা ডিপ্লোমা। পিজি ডিগ্ৰী নথকা সকলে  একেটা বিভাগত কমেও ২ বছৰৰ কামৰ অভিজ্ঞতা থকা এম.বি.বি.এছ ডিগ্ৰীধাৰী হ’ব লাগিব।

দৰমহা : প্ৰতি মাহে ১,১৬,১৭৪  টকা

বাছনি প্ৰক্ৰিয়া: ২৫ আগষ্ট, ২০২২ তাৰিখে ই.এছ.আই.চি. মডেল হস্পিটেল, বেলতলা, গুৱাহাটী-২২-ত এক ৱাক-ইন-ইণ্টাৰভিউ অনুষ্ঠিত হ’ব। অৱশ্যে সাক্ষাৎকাৰৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি সাক্ষাৎকাৰৰ  স্থান সলনি  হ’ব পাৰে। আবেদনকাৰীসকলে কেৱল সাক্ষাৎকাৰৰ স্থান সম্পৰ্কে যিকোনো বাবে ম’বাইল নং 9436675247 যোগাযোগ কৰিব পাৰে।নথি-পত্ৰ  প্ৰমাণীকৰণৰ সময়: পুৱা ৯.০০ বজাৰ পৰা পুৱা ৯.৩০  বজালৈ।

Also read : Assam Career : NECTARত পদ খালী, কি পদৰ বাবে কেনেদৰে কৰিব আবেদন?

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলক পূৰণ কৰা আবেদন ২২ আগষ্ট, ২০২২ তাৰিখৰ ভিতৰত নিশা ১.০০ বজালৈ mh-guwahati@esic.nic.in ইমেইলযোগে নথিপত্ৰৰ স্কেন কৰা প্ৰতিলিপি  প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰা হৈছে।

প্ৰাৰ্থীসকলে  মূল সকলো প্ৰমাণপত্ৰ আৰু সেইবোৰৰ  স্ব-প্ৰমাণিত প্ৰতিলিপিৰ সৈতে ৱাক-ইন-ইণ্টাৰভিউৰ বাবে উপস্থিত হ’ব পাৰে।

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক
https://www.esic.nic.in/attachments/recruitmentfile/f51a8c164d622b0e9308abdfc27fb41d.pdf

Also read : Assam Career : অসম বিশ্ববিদ্যালয়, শিলচৰত যোগ প্ৰশিক্ষকৰ পদ খালী, কিদৰে কৰিব আবেদন?

Related News