• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ল’কডাউনৰ সময়ত ভাৰত-বাংলাদেশ সীমান্তত চোকা দৃষ্টি ৰখাৰ বাবে মুখ্য মন্ত্ৰী সোণোৱালৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2020 8:14 pm
Media Briefing 1

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

415
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দক্ষিণ শালমাৰা-মানকাছাৰ জিলা প্ৰশাসনে ক’ভিদ-১৯ৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে লোৱা ব্যৱস্থাৱলীসমূহ পৰ্যালোচনা কৰে।

দক্ষিণ শালমাৰা-মানকাছাৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এই বিষয়ে অনুষ্ঠিত পৰ্যালোচনামূলক বৈঠকত মুখ্য মন্ত্ৰীয়ে দক্ষিণ শালমাৰা-মানকাছাৰ জিলাৰ উপায়ুক্ত আতিকা ছুলতানাক জিলাখনৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তত চোকা দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিয়ে।

আনকি সীমান্তৰ ন’মেনছ লেণ্ডটো যাতে এই সময়ছোৱাত কোনো কৃষকে কৃষিকাৰ্য্যৰ বাবে যাব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰখাৰ বাবেও জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে সোণোৱালে।

সীমান্ত সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে প্ৰশাসনে সঘনাই যোগাযোগ স্থাপনেৰে নিশ্চিত পদক্ষেপ লোৱাৰ পোষকতা কৰে মুখ্য মন্ত্ৰী গৰাকীয়ে।

বৈঠকত জিলা উপায়ুক্ত গৰাকীয়ে আগন্তুক ৰমজান মাহৰ সময়ত জিলাখনলৈ যাতে ফলমূলৰ অবিৰত যোগান নিশ্চিত কৰিব পৰা যায় তাৰ বাবে পদক্ষেপ লোৱাৰ বাবেও মুখ্য মন্ত্ৰীক অনুৰোধ জনায়।

আনহাতে, বৈঠকত সোণোৱালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত পৰিয়াল পৰিচয় পত্ৰ নথকা পৰিয়ালক ১ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ দিশক প্ৰকৃত হিতাধিকাৰী যাতে নিৰ্বাচিত কৰা হয় তাৰ বাবে বিহীন ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও জিলা উপায়ুক্ত গৰাকীক নিৰ্দেশ দিয়ে।

তদুপৰি, জিলাখনৰ জনসাধাৰণে ল’কডাউনৰ সময়ছোৱাত যাতে কোনোধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰাত ব্যাঘাত নজন্মে তাৰ বাবে উচিত পদক্ষেপ ল’বলৈও জিলা প্ৰশাসনক নিৰ্দেশ দিয়াৰ লগতে এই সময়ছোৱাত কোনো অসাধু ব্যৱসায়ীয়ে যাতে কৃত্ৰিম নাটনি তথা মূল্যবৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিবলৈও জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে মুখ্য মন্ত্ৰী সোণোৱালে।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd