DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আহোম সকলে নিজৰ দক্ষতা, যোগ্যতাৰ বলত বিশ্বৰ বিভিন্ন ক্ষেত্ৰত উজলি উঠিবলৈ সক্ষম হৈছে : মে-ডাম-মে-ফী অনুষ্ঠানত মুখ্য মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 31, 2020 5:34 pm
CM Sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

821
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় মে-ডাম-মে-ফী অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি সোণোৱালে স্বৰ্গদেউ চ্যুকাফাই যি সমন্বয়ৰ নীতি প্ৰদান কৰি গৈছে তাৰ দ্বাৰা উদ্বুদ্ধ হৈ আমি জীৱনৰ বাটত আগবাঢ়িব লাগিব বুলি কয়।

‘‘যি গৰাকী প্ৰবাদ পুৰুষে সমাজ নিৰ্মাণ প্ৰক্ৰিয়াত আগবাঢ়িলৈ আমাক সঠিক পথৰ সন্ধান দিলে, সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী কৰাৰ চেতনা দিলে, সাৰ্বজনীন নীতিৰ জৰিয়তে বৰ অসমৰ ভেটি গঢ় দি আমাৰ শক্তিশালী ইতিহাস ৰচনা কৰিলে সেইগৰাকী মহান ব্যক্তিৰ আদৰ্শৰে আমি আগুৱাই যাব লাগিব,’’ মুখ্য মন্ত্ৰী সোণোৱালে কয়।

দক্ষিণ-পূব এছিয়াত আহোম সকলে শাসন ব্যৱস্থাৰ জৰিয়তে এক শক্তিশালী ইতিহাস ৰচনা কৰি গৈছে বুলি উল্লেখ কৰি সোণোৱালে আহোম সকলে নিজৰ দক্ষতা, যোগ্যতাৰ জৰিয়তে বিশ্বৰ বিভিন্ন কৰ্ম ক্ষেত্ৰত উজলি উঠিবলৈ সক্ষম হৈছে বুলি কয়।

মুখ্য মন্ত্ৰীয়ে লগতে অসমত ছশ বছৰীয়া আহোম ৰাজত্বৰ বিষয়ে আমাৰ নৱ প্ৰজন্মই অধ্যয়ণ কৰা উচিত বুলিও মত প্ৰকাশ কৰে।

আনহাতে, ৰাজ্য চৰকাৰে আহোম সকলৰ গৌৰৱোজ্জ্বল ইতিহাস সম্পৰ্কত নতুন প্ৰজন্মই যাতে সঠিক জ্ঞান আহৰণ কৰিব পাৰে তাৰ বাবে ৪২ গৰাকী স্বৰ্গদেউৰ স্মৃতি সুৰক্ষিত কৰাৰ অৰ্থে স্বৰ্গদেউ স্মৃতি ক্ষেত্ৰ নিৰ্মাণৰ সিদ্ধান্ত কৰিছে বুলি সোণোৱালে সভাত কয়।

মে-ডাম-মে-ফী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসমৰ চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলে, যোগেন মহন আৰু সাংসদ তপন কুমাৰ গগৈয়ে ভাষণ প্ৰদান কৰে।

অনুষ্ঠানতে পদ্মশ্ৰী ড০ যোগেন্দ্ৰ নাথ ফুকন, পদ্মশ্ৰী ইন্দিৰা পি পি বৰা আৰু শিক্ষাবিদ গোলাপ বৰগোঁহাইক মুখ্য মন্ত্ৰীয়ে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

Recent News

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

MS Dhoni Birhday

শুভ জন্মদিন কেপ্তেইন কুল

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd