NORTHEAST NOW (Assamese)

আহোম সকলে নিজৰ দক্ষতা, যোগ্যতাৰ বলত বিশ্বৰ বিভিন্ন ক্ষেত্ৰত উজলি উঠিবলৈ সক্ষম হৈছে : মে-ডাম-মে-ফী অনুষ্ঠানত মুখ্য মন্ত্ৰী

January 31, 2020 5:34 pm · এন ই নাও নিউজ
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় মে-ডাম-মে-ফী অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি সোণোৱালে স্বৰ্গদেউ চ্যুকাফাই যি সমন্বয়ৰ নীতি প্ৰদান কৰি গৈছে তাৰ দ্বাৰা উদ্বুদ্ধ হৈ আমি জীৱনৰ বাটত আগবাঢ়িব লাগিব বুলি কয়।

‘‘যি গৰাকী প্ৰবাদ পুৰুষে সমাজ নিৰ্মাণ প্ৰক্ৰিয়াত আগবাঢ়িলৈ আমাক সঠিক পথৰ সন্ধান দিলে, সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী কৰাৰ চেতনা দিলে, সাৰ্বজনীন নীতিৰ জৰিয়তে বৰ অসমৰ ভেটি গঢ় দি আমাৰ শক্তিশালী ইতিহাস ৰচনা কৰিলে সেইগৰাকী মহান ব্যক্তিৰ আদৰ্শৰে আমি আগুৱাই যাব লাগিব,’’ মুখ্য মন্ত্ৰী সোণোৱালে কয়।

দক্ষিণ-পূব এছিয়াত আহোম সকলে শাসন ব্যৱস্থাৰ জৰিয়তে এক শক্তিশালী ইতিহাস ৰচনা কৰি গৈছে বুলি উল্লেখ কৰি সোণোৱালে আহোম সকলে নিজৰ দক্ষতা, যোগ্যতাৰ জৰিয়তে বিশ্বৰ বিভিন্ন কৰ্ম ক্ষেত্ৰত উজলি উঠিবলৈ সক্ষম হৈছে বুলি কয়।

মুখ্য মন্ত্ৰীয়ে লগতে অসমত ছশ বছৰীয়া আহোম ৰাজত্বৰ বিষয়ে আমাৰ নৱ প্ৰজন্মই অধ্যয়ণ কৰা উচিত বুলিও মত প্ৰকাশ কৰে।

আনহাতে, ৰাজ্য চৰকাৰে আহোম সকলৰ গৌৰৱোজ্জ্বল ইতিহাস সম্পৰ্কত নতুন প্ৰজন্মই যাতে সঠিক জ্ঞান আহৰণ কৰিব পাৰে তাৰ বাবে ৪২ গৰাকী স্বৰ্গদেউৰ স্মৃতি সুৰক্ষিত কৰাৰ অৰ্থে স্বৰ্গদেউ স্মৃতি ক্ষেত্ৰ নিৰ্মাণৰ সিদ্ধান্ত কৰিছে বুলি সোণোৱালে সভাত কয়।

মে-ডাম-মে-ফী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসমৰ চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলে, যোগেন মহন আৰু সাংসদ তপন কুমাৰ গগৈয়ে ভাষণ প্ৰদান কৰে।

অনুষ্ঠানতে পদ্মশ্ৰী ড০ যোগেন্দ্ৰ নাথ ফুকন, পদ্মশ্ৰী ইন্দিৰা পি পি বৰা আৰু শিক্ষাবিদ গোলাপ বৰগোঁহাইক মুখ্য মন্ত্ৰীয়ে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

Related News