আজি দিচপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে NSUI ৰ উপ-সভাপতি জুবেৰ আনমক।
আজি বিয়লি প্ৰায় ২ বজাত দিচপুৰ আৰক্ষীয়ে ৰাজীৱ ভৱনৰ পৰা গ্ৰেপ্তাৰ কৰিছে জুবেৰক। গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰিছিল আমনে।
যোৱা ১১ ডিচেম্বৰত গুৱাহাটীৰ দিচপুৰত সংঘটিত ‘কা’ বিৰোধী প্ৰতিবাদী কাৰ্যসূচীত তথা কলাক্ষেত্ৰৰ শৰাইকে ধৰি ৰাজহুৱা সম্পত্তি ভঙা ইত্যাদি ধ্বংসাত্মক কাৰ্য্যত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে জুবেৰক গ্ৰেপ্তাৰ কৰে।
NSUI ৰ উপ-সভাপতিগৰাকীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছিল।
‘অসমৰ হৈ মাত মতাৰ বাবে জেইলত গৈছে, বা কোনে অসমৰ হৈ মাত মতাৰ বাবে জেইলত পঠাইছে সেয়া ইতিহাসৰ পাঠত থাকি যাব।‘ গ্ৰেপ্তাৰৰ সময়ত সংবাদমাধ্যমৰ আগত এইদৰে কয় আনমে।
ইপিনে, গ্ৰেপ্তাৰৰ পূৰ্বে ৰাজীৱ ভৱনত সম্বোধন কৰা এক সংবাদমেলত তেওঁৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰৰ শৰাই ভঙাৰ লগত জৰিত থকা বুলি অনা অভিযোগ অস্বীকাৰ কৰাৰ লগতে শৰাই ভঙাৰ ভিডিঅ’ ফুটেজ ৰাজহুৱা কৰিবৰ বাবে আহ্বান জনায়।
উল্লেখযোগ্য যে একেটা অভিযোগতে যোৱা ২৩ জানুৱাৰিত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক দিচপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমানো কামৰুল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে।





