NORTHEAST NOW (Assamese)

সোণাপুৰৰ কচুতলি গাঁৱৰ উচ্ছেদ অভিযানৰ বৰ্বৰতাক তীব্ৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

September 14, 2024 7:13 pm · এন ই নাও নিউজ, গুৱাহাটী

সোণাপুৰৰ কচুতলি গাঁৱৰ  উচ্ছেদ অভিযানত পুলিচৰ গুলীত দুজনকৈ ব্যক্তি  নিহত হোৱা ঘটনাটোত আমি হতভম্ব হৈছোঁ। লগতে পুলিচে এগৰাকী নাবালিকাক তেওঁৰ গুপ্তাংগত গুলিওৱাটো কেনে বৰ্বৰ  আৰু ৰোমহৰ্ষক ! চৰকাৰী মাটিৰ পৰা বেদখলকাৰীক প্ৰশাসনে নিশ্চয় উচ্ছেদ কৰিব পাৰে।

কিন্তু সেইটো কৰিবলৈ যাওঁতে তেওঁলোকে যাবতীয়া নীতি নিয়ম আৰু  আইনী প্ৰক্ৰিয়া মানি চলিব লাগিব।উচ্ছৃংখল জনতাক নিয়ন্ত্ৰণ কৰিবলৈ, চিধাই গুলীচালনা কৰাৰ সলনি লাঠীচালনা, কন্দুৱা গেচ বা ৰবৰ বুলেটৰ ব্যৱহাৰেৰে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব নোৱাৰাটো পুলিচৰ এক শোচনীয় ব্যৰ্থতা। আকৌ, উচ্ছেদিত লোক সকল যদি  বেদখলকাৰীয়ে তেন্তে তেওঁলোকে মিয়াদী পট্টা, বিজুলী সংযোগ আৰু গেচ সংযোগ আদি কেনেকৈ পালে?

পৰিতাপৰ কথা হৈছে আজিকালি এনে ঘটনা ঘটিলেই  কোনো বাচ বিচাৰ নকৰাকৈ  পোনচাটেই তাৰ লগত জড়িত লোক সকলক সন্দেহযুক্ত বিদেশী নাগৰিক বুলি মাৰ্কা মাৰি দিয়া হয়। বানপানী, খহনীয়া আদিত সৰ্বস্বান্ত  হৈ এনেকৈ ক’ৰবাত থিতাপি লোৱা মানুহক এনেদৰে সন্দেহযুক্ত বিদেশী নাগৰিক আখ্যা দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। আমি বিচাৰোঁ উচ্ছেদকাৰ্যৰ ফলত গৃহহাৰা হোৱা সকলক চৰকাৰে উচিত ক্ষতিপূৰণ দিয়ক আৰু তেওঁলোকক অন্য ঠাইত সংস্থাপিত কৰক । শিশু, মহিলা আৰু বয়সস্থ লোকক এনেকৈ মুক্ত আকাশৰ তলত এৰি দিয়াটো  অমানৱীয়  আৰু অত্যন্ত গৰ্হিত।

Related News