• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ওড়িশাৰ সম্বলপুৰস্থিত লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহ ভ্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2024 5:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱা (২৩ মে’) ওড়িশাৰ সম্বলপুৰ ভ্ৰমণ কৰি সমলেশ্বৰী মন্দিৰ পৰিদৰ্শনেৰে যাত্ৰা আৰম্ভ কৰে।মন্দিৰ ভ্ৰমণৰ পাছত শৰ্মা লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহলৈ যায় আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিক শ্ৰদ্ধাঞ্জলি জনায়৷

Assam CM Lakshminath Bezbaruah

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “অসমীয়া সাহিত্যৰ কাণ্ডাৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে প্ৰায় ২০ বছৰ মহানদীৰ পাৰৰ সম্বলপুৰত বাস কৰা গৃহটি আমাৰ ঐতিহ্যপূৰ্ণ সম্পদ৷ সেয়া আমাৰ বাবে এতিয়া তীৰ্থসদৃশ৷ অসমীয়া সাহিত্যৰ অম্লান জ্যোতিষ্কগৰাকীয়ে সম্বলপুৰৰ সাধনা গৃহৰ নিৰ্মল পৰিৱেশত সৃষ্টি কৰা সাহিত্য কৃতিয়ে জাতীয় জীৱনৰ ভাষা-সাহিত্যলৈ অনৱদ্য অৱদান আগবঢ়াইছে৷ তদুপৰি সাহিত্যৰথীয়ে প্ৰকাৰান্তৰে বিভিন্ন দিশত অসম আৰু ওড়িশাৰ মাজতো সমন্বয়ৰ সেতু গঢ়িছিল৷ আমাৰ চৰকাৰে বন্দিত সত্তাগৰাকীৰ সম্বলপুৰৰ গৃহটি মেৰামতি-পুনৰ্নিৰ্মাণ তথা সাহিত্যৰথীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ পদক্ষেপ গ্ৰহণেৰে ঐতিহ্য সংৰক্ষণৰ কেইবাটাও প্ৰচেষ্টা হাতত লৈছোঁ৷আজি পুৱা ঐতিহ্য সমাহাৰেৰে সমৃদ্ধ বেজবৰুৱাদেৱৰ এই বিখ্যাত গৃহত উপস্থিত হৈ তেখেতলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ। পৱিত্ৰ বুদ্ধ পূৰ্ণিমাৰ আজিৰ এই পুৱাটি মোৰ স্মৃতিত সদায়ে দোলা দি থাকিব৷’

Apply Now

May be an image of 7 people, people studying, table and text

ভ্ৰমণৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীজনে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতি, সম্বলপুৰৰ আহ্বায়ক দীপক কুমাৰ পাণ্ডাৰ সৈতে আলোচনাত মিলিত হয়।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংগ দিয়ে কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ, আৰু উদ্যোগীকৰণ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

May be an image of 3 people, dais and text

সংবাদ মাধ্যমক অৱগত কৰি মুখ্যমন্ত্ৰী শৰ্মাই অসম আৰু ওড়িশাৰ মাজত যোগসূত্ৰ ৰাখি ৰাজ্য দুখনৰ মাজত থকা সাংস্কৃতিক আৰু আধ্যাত্মিক বান্ধোনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

দীপক কুমাৰ পাণ্ডাৰ সৈতে হোৱা আলোচনাৰ সময়ত শৰ্মাই পুনৰ সম্বলপুৰ ভ্ৰমণৰ ইচ্ছা প্ৰকাশ কৰি গংগাধৰ মেহেৰ বিশ্ববিদ্যালয়ত বেজবৰুৱাৰ নাম আসন প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা ঘোষণা কৰে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেজবৰুৱাৰ গৃহ ভ্ৰমণৰ অন্তত ঝাৰছুগুডাৰ পৰা পথেৰে সম্বলপুৰলৈ যাত্ৰা কৰি হেলিকপ্টাৰেৰে দেওগড় অভিমুখে ৰাওনা হয়।

উল্লেখযোগ্য যে অসম চৰকাৰে ইতিমধ্যে বেজবৰুৱা ঘৰ সংৰক্ষণৰ বাবে দুটা কিস্তিত ধন আবণ্টন দিছে।বাসগৃহ সংৰক্ষণৰ কাম প্ৰায় শেষ হ’লেই প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd