• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উকীল হৈ থকা হ’লে হিমন্ত বিশ্ব শৰ্মাই ন্যায় ব্যৱস্থা সলাই পেলালেহেঁতেন!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2023 8:53 am
Ranjan Gogoi Himanta Biswa Sarma
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উকীল হৈ থকা হ’লে তেওঁ দেশৰ ন্যায় ব্যৱস্থাৰ নেতৃত্ব ল’লেহেঁতেন! দেশৰ ন্যায় ব্যৱস্থাই সঁচাকৈয়ে হেৰুওৱালে হিমন্ত বিশ্ব শৰ্মাক! এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।

কেৱল সিমানেই নহয়, হিমন্ত বিশ্ব শৰ্মাক এগৰাকী আইন কৰ্মী হিচাপে হেৰুৱাই ন্যায় ব্যৱস্থাৰ এগৰাকী কৰ্মী হিচাপে দুখ প্ৰকাশ কৰে ৰঞ্জন গগৈয়ে।

Apply Now

বৃহস্পতিবাৰে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী ডায়েৰী ১ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি মুখ্যমন্ত্ৰীক শৰ্মাক এইদৰে প্ৰশংসাৰে ওপচাই পেলালে প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকীয়ে।

প্ৰায়ে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা ৰঞ্জন গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এগৰাকী সৌভাগ্যৱান মুখ্যমন্ত্ৰী বুলিও অভিহিত কৰে।

ৰঞ্জন গগৈৰ মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৯৫০ চনৰ ভূমিকম্প, ১৯৬২ চনৰ ভাৰত-চীনৰ যুদ্ধ বা অসম আন্দোলন দৰে কোনো পৰিস্থিতিৰ সন্মুখীন হ’ব লগীয়া হোৱা নাই। ইয়াৰ ফলস্বৰূপে মুখ্যমন্ত্ৰী শৰ্মাই উন্নয়নমূলক কামত মনোনিৱেশ কৰিব পাৰিব।

ইফালে হিমন্ত বিশ্ব শৰ্মাই উকীল হৈ থকা হ’লে দেশৰ ন্যায় ব্যৱস্থাৰ চেহেৰাই সলনি হৈ গ’লহেঁতেন বুলি কয় ৰঞ্জন গগৈয়ে। ইমানেই নহয় হিমন্ত বিশ্ব শৰ্মাই ন্যায় ক্ষেত্ৰখনত থকা হ’লে দেশৰ ন্যায় ব্যৱস্থাক নেতৃত্ব প্ৰদান কৰিলেহেঁতেন।

অৱশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দুটা কথাত একমত নহয় বুলিও মন্তব্য কৰে ৰঞ্জন গগৈয়ে। গগৈৰ মতে কালি উন্মোচিত হোৱা গ্ৰন্থখনৰ নাম হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ ডায়েৰী নহয়, হিমন্ত বিশ্ব শৰ্মাৰ ডায়েৰীহে ৰাখিব লাগিছিল।

কাৰণ গগৈৰ মতে গ্ৰন্থখনত ক’ভিদ কালত হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা অৱদানখিনি বাদ পৰিল। সেয়ে ৰঞ্জন গগৈয়ে গ্ৰন্থখনক হিমন্ত বিশ্ব শৰ্মাৰ ডায়েৰী নামাকৰণ কৰিবলৈ দাবী জনায়। তেতিয়া হিমন্ত বিশ্বৰ বিশাল কৰ্মৰাজি ইয়াত প্ৰতিফলন ঘটিব বুলি গগৈয়ে দোহাৰে।

এইদৰে হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰা এটা নেন’ সুযোগো নষ্ট নকৰিলে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে ইমানে ওপচাই পেলালে যে ৰাজ্যত হৈ থকা ভুৱা এনাউকাণ্টাৰ, বুলডজাৰ ৰাজনীতি, উচ্ছেদৰ ৰাজনীতিৰ বিষয়ে এটাও টু শব্দ উচ্চাৰণ নকৰিলে।

উল্লেখ্য যে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছতে ৰঞ্জন গগৈক বিজেপি চৰকাৰে ৰাজ্যসভালৈ মনোনীত কৰিছিল। তেওঁক ৰাজ্যসভালৈ মনোনীত কৰা বিষয়টোৱে দেশৰ ৰাজনীতিত তুমুল বিতৰ্কৰ সৃ্ষ্টি কৰিছিল।

ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ৰঞ্জন গগৈয়ে প্ৰাক্তন মুখ্য ন্যায়াধীশ হিচাপে নিজৰ পূৰ্ব পদমৰ্যাদা লাঘৱ কৰা বুলিও চৰ্চা চলিছিল। লগতে বহুতে ৰঞ্জন গগৈক ক্ষমতাৰ প্ৰতি লালায়িত বুলিও অভিহিত কৰিছিল।

এতিয়া ৰঞ্জন গগৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই দিয়াৰ সময়ত এই প্ৰসংগবোৰ মানুহৰ মনত পুনৰ এবাৰ সজীৱ হৈ উঠিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd