• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমখন আপোনাৰ; আনন্দ কৰক, প্ৰদূষণ নকৰিব: মুখ্য মন্ত্ৰী সোণোৱালৰ দীৱালী বাৰ্তা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2019 7:25 pm
Assam CM Sonowal appeals for pollution-free Diwali celebration

সোণোৱালৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলোলৈকে দীৱালীৰ শুভেচ্ছাৰে প্ৰদূষণহীনভাৱে পোহৰৰ উৎসৱটি উদযাপনৰ বাবে আহ্বান জনাইছে।

অসমৰ বায়ুমণ্ডল স্বাস্থ্যকৰ কৰি ৰখাৰ বাবে সোণোৱালে সকলোৰে সহযোগিতা বিচাৰিছে।

Apply Now

“দীপাৱলীয়ে মানুহৰ জীৱনলৈ আনন্দ আৰু উৎসাহ কঢ়িয়াই আনে। এই উৎসৱ পালন কৰোঁতে আমি বিশেষভাৱে মনত ৰাখিব লাগিব যাতে এই আনন্দ যাতে বিনষ্ট নহয়,” সোণোৱালে কয়।

মুখ্য মন্ত্ৰীয়ে মাটি চাকি বা আন “জৈৱিক পদাৰ্থৰে” নিৰ্মিত সামগ্ৰীৰে দীপাৱলী উদযাপনৰ পোষকতা কৰিছে।

ভাৰতৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী প্ৰকাশ জাভাদেকাৰেও দীৱালীত ফটকা ফুটোৱাৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনাইছে।

অগত্যা ফটকা জ্বলালেও গ্ৰীন ক্ৰেকাৰহে জ্বলাবলৈ মন্ত্ৰীজনে অনুৰোধ কৰিছে।

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্দ, অসমে ৰাজ্যৰ সকলো জিলা উপায়ুক্তলৈকে আগন্তুক দীৱালীত ল’বলগীয়া বিশেষ পদক্ষেপসমূহৰ নিৰ্দেশনা জাৰি কৰিছে।

সন্ধিয়া ৮ৰ পৰা ১০ বজালৈকেহে ফটকা আদি ফুটাব পাৰিব বুলি ইতিমধ্যে অসমৰ সকলো জিলা উপায়ুক্তই নিৰ্দেশনা জাৰি কৰিছে।

২০১৮ চনৰ পৰা বলবৎ থকা ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ আধাৰত এই নিৰ্দেশ জাৰি কৰা হৈছে।

পোহৰৰ উৎসৱ দীপাৱলী আনন্দৰ উদযাপন যদিও, বৃহৎ পৰিমাণে ফটকাজাতীয় সামগ্ৰীসমূহৰ জ্বলোৱাৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ বায়ু আৰু শব্দ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে এই পদক্ষেপ লৈ অহা হৈছে।

দীৱালীত চাকি জ্বলোৱাৰ ফলত একো অসুবিধা নহয়, যদিও ফটকাৰ ৰয়াসনিক আৰু শব্দৰ ফলত বহু লোকে উশাহ লোৱাত কষ্ট পোৱাৰ দৰে মেডিকেল ইমাৰ্জেন্সিৰ ঘটনাও ঘটা দেখা যায়।

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্দে দীৱালীৰ আগতে ২১ অক্তোবৰত গুৱাহাটী, ডিব্ৰুগড়, নগাওঁ, শিৱসাগৰ, গোলাঘাট, তেজপুৰ, শিলচৰ আৰু বঙাইগাঁৱত বায়ুৰ গুণাগুণ পৰীক্ষা কৰিব।

২৭ অক্তোবৰত দীৱালীৰ দিনাও জিলাকেইখনত বায়ু পৰীক্ষা কৰা হ’ব। ৰাজহুৱা অভিযোগ লাভ কৰিলে সেয়া নিষ্পত্তিৰ বাবেও বিভাগীয় দল সাজু থাকিব বুলি জানিব পৰা গৈছে।

তাৰোপৰি ফটকা বিক্ৰেতা আৰু জমা কৰোঁতাসকলৰ নিৰীক্ষণৰ বাবে দণ্ডাধীশ পৰ্য্যায়ৰ বিষয়াৰ নেতৃত্বত নিৰীক্ষক দল সাজু থাকিব।

বিক্ৰী কৰা স্থানৰ পৰা ন্যূনতম ৪মিটাৰ দূৰৰ ভিতৰত ১২৫ দেচিবেলতকৈ অধিক শব্দ প্ৰাবল্যৰ ফটকা ফুটোৱা নিষিদ্ধ কৰা হৈছে।

জনসুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই নিৰ্দেশনাসমূহ জাৰি কৰা হৈছে, কিন্তু কিমান দূৰ কাৰ্য্যকৰী হয় সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd