• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিধানসভা নিৰ্বাচনলৈ সাজু কংগ্ৰেছ: ১০০ খন আসনত প্ৰতিদ্বন্দ্বিতাৰ লক্ষ্য, ৭ মাৰ্চত প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ সম্ভাৱনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2026 6:52 pm
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট ক্ৰমান্বয়ে বৃদ্ধি পাইছে তৎপৰতা। দিছপুৰৰ দখলৰ লক্ষ্যৰে শাসকীয় বিজেপি আৰু প্ৰধান বিৰোধী দল কংগ্ৰেছে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। একেৰাহে তৃতীয়বাৰৰ বাবে শাসনলৈ অহাৰ স্বাৰ্থত বিজেপিয়ে ‘জন আশীৰ্বাদ যাত্ৰা‘ আৰম্ভ কৰাৰ বিপৰীতে বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছে ৰাজ্যজুৰি চলাইছে ‘সময় পৰিৱৰ্তনৰ যাত্ৰা‘। নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে কংগ্ৰেছে ৰাজ্যৰ প্ৰায় ১০০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বাকী ২৫ খন আসন মিত্ৰদলসমূহক এৰি দিয়াৰ এক প্ৰাথমিক বুজাবুজিত উপনীত হৈছে।

কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, অহা ৭ মাৰ্চত নতুন দিল্লীত কংগ্ৰেছৰ স্ক্ৰীনিং কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ‘ব। প্ৰিয়ংকা গান্ধীৰ অধ্যক্ষতাত অনুষ্ঠিত হ‘বলগীয়া এই বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আৰু প্ৰাক্তন সাংসদ ৰিপুণ বৰাকে ধৰি জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰিব। এই বৈঠকতে প্ৰথম পৰ্যায়ত উজনি আৰু উত্তৰ অসমৰ প্ৰায় ৪০ খন আসনৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ সম্ভাৱনা আছে। বৰ্তমান বিজেপি মিত্ৰজোঁটৰ দুৰ্গ হিচাপে পৰিচিত উজনি আৰু উত্তৰ অসমৰ ৪৩ টা সমষ্টিৰ ভিতৰত ৩০ টা সমষ্টিৰ বাবে ৰাজীৱ ভৱনে ইতিমধ্যে দলীয় প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰি উলিয়াইছে।

Apply Now

আসন বুজাবুজিৰ ক্ষেত্ৰত কংগ্ৰেছে মিত্ৰদল অসম জাতীয় পৰিষদক শদিয়া, খোৱাং, ডিব্ৰুগড়, মাহমৰা, ধেমাজি আৰু সৰুপথাৰ সমষ্টি এৰি দিয়াত সন্মতি প্ৰকাশ কৰিছে। একেদৰে, বাওঁপন্থী দল চি পি আই (এম এল)-ক বিহালী সমষ্টিটো এৰি দিয়াৰ কথা বিবেচনা কৰিছে। আনহাতে, বিধায়ক অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ স্বৰূপ এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই যদিও চিচিবৰগাঁও, ডিগবৈ, শিৱসাগৰ, মৰিয়নী, বোকাখাত আৰু তেজপুৰ সমষ্টি তেওঁলোকক এৰি দিয়াৰ এক প্ৰস্তাৱ আছে বুলি জানিব পৰা গৈছে। কেইবাটাও সমষ্টিক লৈ দুয়োটা দলৰ মাজত চলি থকা মনোমালিন্য অচিৰেই দূৰ হ‘ব বুলি ৰাজনৈতিক মহলে আশা প্ৰকাশ কৰিছে।

প্ৰাৰ্থিত্বৰ দৌৰত এইবাৰ কেইবাখনো গুৰুত্বপূৰ্ণ আসন আৰু চৰ্চিত মুখ সন্নিৱিষ্ট হৈছে। কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই উজনিত বিজেপিৰ বিৰুদ্ধে এক শক্তিশালী যুঁজ দিয়াৰ স্বাৰ্থত সাংসদ গৌৰৱ গগৈক যোৰহাট সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি চৰ্চা চলিছে। আন এক আকৰ্ষণীয় খবৰ অনুসৰি, মাৰ্ঘেৰিটা সমষ্টিত নগাঁও লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈৰ ৰাজনীতিত অভিষেক ঘটাৰ সম্ভাৱনা আছে। দীৰ্ঘদিন বিদেশত থকা প্ৰতীক বৰদলৈক লৈ কংগ্ৰেছৰ ভিতৰচৰাত ব্যাপক চৰ্চা চলিছে যদিও সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল ছেত্ৰীৰ নামো দাবীদাৰ হিচাপে আছে।

উজনি অসমৰ আন গুৰুত্বপূৰ্ণ সমষ্টিসমূহৰ ভিতৰত তিনিচুকীয়াত ডেভিদ ফুকন আৰু ডুমডুমাত প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজৰ নাম চৰ্চাত আছে। নৱগঠিত মাকুম সমষ্টিত চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা থকাৰ বিপৰীতে চাবুৱা-লাহোৱাল সমষ্টিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰৰ নাম পেনেলত আছে। দুলীয়াজান সমষ্টিত যুৱ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈ আৰু পৰাণজ্যোতি গগৈৰ নাম চৰ্চাত আছে। বিগত নিৰ্বাচনত বিৰোধীৰ ভোট বিভাজনৰ বাবে এই সমষ্টিটোত কংগ্ৰেছে পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। আনহাতে, নাহৰকটীয়াত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়ক তৰংগ গগৈৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, টিংখাঙত মন্ত্ৰী বিমল বড়াৰ বিৰুদ্ধে বিপুল গগৈ, সোণাৰিত উৎপল গগৈ, নাজিৰাত দেৱব্ৰত শইকীয়া আৰু ডিমৌত অজয় গগৈৰ নাম প্ৰাৰ্থী পেনেলত অন্তৰ্ভুক্ত কৰা হৈছে। তিতাবৰত বৰ্তমানৰ বিধায়ক ভাস্কৰ বৰুৱাৰ লগতে প্ৰাণ কুৰ্মীৰ নামো তালিকাত উচ্চাৰিত হৈছে।

উত্তৰ অসম আৰু আন সমষ্টিসমূহৰ ভিতৰত টীয়কত প্ৰয়াত বিধায়ক মেম্বৰ গগৈৰ বোৱাৰী পল্লৱী শইকীয়া গগৈ, দেৰগাঁৱত সাগৰিকা বৰা আৰু পৰাণজ্যোতি শইকীয়াক ধৰি আন কেইবাগৰাকীও, গোলাঘাটত বিতোপন শইকীয়া, খুমটাইত ৰ‘জলীনা তিৰ্কীৰ নাম চৰ্চাত আছে। মাজুলীত প্ৰাক্তন মন্ত্ৰী ৰাজীৱলোচন পেগু, জোনাইত ৰাজু মেদক, ঢকুৱাখনাত আনন্দ নৰহ, লখিমপুৰত ৰাণী নৰহ আৰু ঘন বুঢ়াগোহাঁইৰ নাম পেনেলত আছে। সেইদৰে, বিশ্বনাথত জয়ন্ত বৰা আৰু ডাঃ ৰঞ্জন গগৈ, নদুৱাৰত প্ৰাক্তন সাংসদ আৰ পি শৰ্মা আৰু দাদুল বৰকাকতি, বৰছলাত ৰিপুণ বৰা, ৰঙাপৰাত কাৰ্তিক কুৰ্মী আৰু ঢেকীয়াজুলিত বাতাছ ওৰাঙকে ধৰি কেইবাগৰাকীও প্ৰাৰ্থীৰ নাম কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকাৰ তালিকাত স্থান পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

June 28, 2026 4:36 pm
ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm
দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

June 28, 2026 3:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

June 28, 2026 4:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd