• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্বক ক্ষুৰধাৰ সমালোচনা প্ৰাক্তন সতীৰ্থ প্ৰদ্যুৎ বৰদলৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 18, 2019 4:09 pm
18-01-19 Guwahati- Pradyut Bordoloi press conference (3)

শুকুৰবাৰে প্ৰদ্যুৎ বৰদলৈৰ সংবাদমেল। ছবি- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈৰ ক্ষুৰধাৰ সমালোচনাৰ মুখত পৰে প্ৰাক্তন সতীৰ্থ তথা নাগৰিকত্ব বিধেয়ক প্ৰসংগত বিভিন্ন মন্তব্যৰে বিতৰ্কৰ সূচনা কৰি অহা বৰ্তমান বিজেপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

বৰদলৈয়ে কয় বিজেপি চৰকাৰৰ মুধাফুটা ব্যক্তিসকলে নাগৰিকত্ব বিলখনৰ প্ৰতি জনসাধাৰণক পতিয়ন নিয়াব বিচাৰিছে। লোকসভা নিৰ্বাচনত উত্তৰ-পূৰ্বাঞ্চলৰ আসনৰ প্ৰতি শেন চকু দিছে বিজেপিয়ে। পশ্চিমবংগকো চকু দিছে।

Apply Now

বিলখনৰ স্বাৰ্থত হিমন্ত বিশ্বই জিন্নাৰ ভূমিকা লোৱা বুলিও মন্তব্য কৰিছে তেওঁ। “জিন্নাই টু নেশ্ব্যন থিয়ৰি লৈছিল। অসমত হিমন্তই হিন্দু আৰু মুছলমানক ভাগ ভাগ কৰিছে। অসমত এজন নতুন জিন্নাৰ সৃষ্টি হ’ল। হিমন্ত বিশ্ব শৰ্মা অতি সাম্প্ৰদায়িক ব্যক্তি,” বৰদলৈৰ মন্তব্য।

তেওঁ লগতে কয় যে জিন্নাৰ লগত অন্য এটা সাদৃশ্যও আছে শৰ্মাৰ। ২০১৪ চনলৈকে বিজেপি আৰু আৰ এছ এছক গালি পাৰি আছিল। যেতিয়া তেওঁৰ বিৰুদ্ধে বিভিন্ন কেলেংকাৰিৰ তদন্ত আৰম্ভ হ’ল, তেতিয়াই হিমন্ত বিজেপিলৈ গৈছে, মন্তব্য বৰদলৈৰ।

হিমন্ত বিশ্বই গোড়া হিন্দুত্ববাদৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথকো পিছ পেলাই গৈছে বুলিও মন্তব্য কৰে বৰদলৈয়ে।

অসমীয়া মানুহক আবেগিক কৰিবলৈ চেষ্টা কৰিছে হিমন্তই। মুছলমান লোকে সত্ৰ বেদখল কৰা নাই। কৰিছিল যদিও এতিয়া আঁতৰি গৈছে।

তেওঁ কয় শৰ্মাই অসমীয়াক আৱেগিকভাৱে পৰিচালিত কৰিবলৈ সত্ৰসমূহক পাশা খেলৰ গুটিৰ দৰে ব্যৱহাৰ কৰিছে।

আনহাতে এতিয়া অসম চুক্তিত ভিত্তি বৰ্ষ ১৯৫১ৰ কথা কোৱা শৰ্মাই ৯ বছৰ ধৰি অসম চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰী হৈ থাকিও সেই কথা নোকোৱা বুলি মন্তব্য কৰে বৰদলৈয়ে।

বৰদলৈৰ মতে “বিজেপিয়ে অসমীয়া মানুহক বুৰ্বক বনাবৰ চেষ্টা কৰিছে। খিলঞ্জীয়া লোকৰ বাবে ৮০ টা আসন সংৰক্ষণ কৰাৰ প্ৰতিশ্ৰুতি দিছে, কিন্তু কেনেকৈ কৰিব সেই কথা কোৱা নাই।”

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে সমগ্ৰ বিশ্বৰ পৰা হিন্দু লোকক অসমলৈ লৈ আনিব বুলিও প্ৰদ্যুত বৰদলৈয়ে মন্তব্য কৰে।

বৰদলৈৰ মতে “তেতিয়া খিলঞ্জীয়াৰ অস্তিত্ব নাইকিয়া হৈ যাব অসমত। বাঙালী হিন্দুসকলক কৃতদাস কৰিব বিচাৰিছে বিজেপিয়ে। কিনিব বিচাৰিছে বাঙালী লোকসকল আৱেগ-অনুভূতি, ভালপোৱা। বাঙালী লোকৰ মূৰত পিশাচৰ তৰোৱাল ৰাখি থৈছে বিজেপিয়ে। এই তৰোৱাল লৈ বিজেপিয়ে চাওলুঙ চুকাফা, শংকৰ আজানৰ সম্প্ৰীতি কাটি টুকুৰা টুকুৰ কৰি পেলাইছে।”

আনহাতে মুখ্য মন্ত্ৰী সোণোৱালকো আক্ৰমণৰ লক্ষ্য কৰি লৈ বৰদলৈয়ে কয় “মোদীৰ দৰে সৰ্বানন্দ সোণোৱালে সংবাদ মেল অনুষ্ঠিত কৰাটো পৰিহাৰ কৰিলে। গাড়ীৰে নগৈ এতিয়া হেলিকপ্টাৰৰে যোৱা হ’ল জনসাধাৰণে আগুছি ধৰাৰ ভয়ত।”

সোণোৱালক তেওঁ কয় যে সৰ্বানন্দ সোণোৱালে পাহৰি যাব নালাগে আই এম ডিটি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ মাজত পাৰ্থক্য আছে। আইএমডিটি আইনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে বিদেশৰ পৰা হিন্দু বিদেশীক আনিব বিচৰা নাছিল। “অসম চুক্তিক কংগ্ৰেছে ন্যায্যতা প্ৰদান কৰিছিল, এই কথা সোণোৱালে পাহৰি যাব নালাগে।”

কংগ্ৰেছ দলে ১৯৪৬ চনৰ জানুৱাৰী মাহৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ আছিল যে কংগ্ৰেছ দলে অসমীয়াত্বক ৰক্ষণাবেক্ষণ দিছে। তাৰ বিপৰীতে বিজেপিয়ে অসমীয়াত্বৰ জলাঞ্জলি দিব বিচাৰিছে, বৰদলৈৰ মন্তব্য।

“বিজেপিয়ে মিছদ কলৰে ২৭ লাখ মেম্বাৰ কৰিলে। তাকে লৈ গৰ্ব কৰে বিজেপিয়ে,” এইদৰে কয় প্ৰদ্যুৎ বৰদলৈয়ে।

কংগ্ৰেছ দলৰ ফালৰ পৰা বিজেপিৰ অনুতপ্ত সদস্য সকলক বৰদলৈৰ আহ্বান “নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু বিজেপিৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মাত মতাটো সুনিশ্চিত কৰক।”

পদত্যাগ কৰিলেও অগপৰ বিজেপিৰ সৈতে ভিতৰুৱা মিতিৰালি আছে বুলি মন্তব্য কৰে বৰদলৈয়ে। “অগপই কিয় সংবাদমেল পাতি সৰ্বানন্দ সোণোৱালক পদত্যাগ পত্ৰ প্ৰেৰণ কৰিবৰ বাবে আহ্বান জনোৱা নাই?” অগপৰ নেতৃত্বৰ প্ৰতি প্ৰশ্ন প্ৰদ্যুত বৰদলৈৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd