NORTHEAST NOW (Assamese)

ৰাজ্যত আজি কিমান লোক কোভিডত আক্ৰান্ত হ’ল, কিমান জনে সাৱটিলে মৃত্যুক?

June 16, 2021 8:55 pm · এন ই নাও নিউজ

ক্ৰমান্বয়ে ৰাজ্যৰ কোভিড পৰিস্থিতিৰ বহু খিনি উন্নতি হৈছে। সেয়ে জিলা বিশেষে কোভিড নিষেধাজ্ঞাও শিথিল কৰা হৈছে।

কোভিড পৰিস্থিতিৰ উন্নতিৰ লগে লগে ৰাজ্যত এতিয়া কোভিড আক্ৰান্ত মৃত্যুৰ সংখ্যাও কমি আহিছে।

সেইদৰে পজিটিভিটিৰ হাৰো হ্ৰাস পাই আহিছে।

ৰাজ্যত আজিও কোভিড পজিটিভিটিৰ হাৰ তিনি শতাংশতকৈ কম হৈছে।

আজিৰ দিনটোতে কোভিডে কাঢ়ি নিছে ৩৬ গৰাকী লোকৰ প্ৰাণ ।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ৩৩৮৬ গৰাকী লোক ।
আজি ১,৩০,০৫৩ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয় ।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৫৮ গৰাকী লোক ।


কোভিড পজিটিভিটিৰ হাৰ হৈছে ২.৬০ শতাংশ ।

এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯০.৭০ শতাংশ ।

অসমত শেহতীয়াকৈ ক’ভিড পজিটিভিটিৰ হাৰ ৩ শতাংশৰ কম হোৱালৈ চাই ক’ভিড পৰিস্থিতিৰ ভালে খিনি উন্নতি ঘটা বুলি ধাৰণা কৰিব পাৰি। অৱশ্যে ৰাজ্যৰ পাঁচ খন জিলাত এতিয়াও কোভিড পৰিস্থিতিৰ উন্নতি ঘটা নাই।

ৰাজ্য চৰকাৰে কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নীতি-নিৰ্দেশনা কিছু শিথিল কৰিছে।

Related News