NORTHEAST NOW (Assamese)

বি টি আৰত অশান্তিৰ সৃষ্টি কৰিব বিচৰা শক্তিৰ বিৰুদ্ধে কঠোৰ হ’ব অসম আৰক্ষী : আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত

February 17, 2021 11:26 am · ৰিনয় বসুমতাৰী
ভাস্কৰ জ্যোতি মহন্ত

আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই বি টি আৰৰ কোকৰাঝাৰত বি টি আৰৰ সামগ্ৰিক নিৰাপত্তা সন্দৰ্ভত মত প্ৰকাশ কৰে।

ভাস্কৰ জ্যোতি মহন্তই কোকৰাঝাৰত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া সকলৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত ভাস্কৰ জ্যোতি মহন্তই বি টি আৰত ক্ৰমাৎ শান্তিৰ পৰিবেশ ঘুৰি আহিছে বুলি উল্লেখ কৰাৰ লগতে বি টি আৰত অশান্তিৰ পৰিবেশ সৃষ্টি কৰিব বিচাৰিলে অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি সকীয়নি দিয়ে।

উল্লেখযোগ্য যে, বি টি আৰৰ বিভিন্ন অঞ্চলত অসম আৰক্ষীয়ে অভিযান চলাই বিগত সময়ছোৱাত বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

নিৰাপত্তা বিষয়ক উচ্চ পৰ্যায়ৰ ৰূদ্ধদ্বাৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে দুদিন ধৰি কোকৰাঝাৰত বাহৰ পাতি আছে।

অৱশ্যে, মহন্তই আলফা (স্বাধীনে) অপহৰণ কৰি নিয়া ‘কুইপ’ৰ দুই বিষয়া সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে।

Related News