• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘পাৰ্টি পঠাই আছো’: প্ৰতিবন্ধীৰ প্ৰতিবাদত থৰকাছুটি হেৰুৱাই গুৱাহাটীৰ এ চি পি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 9, 2019 9:57 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা ঘটনাক লৈ তিনিবাৰকৈ তিনিটা পৃথক গোচৰ দিয়াৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত মঙ্গলবাৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে ঘেৰাও কৰে দিচপুৰ আৰক্ষী থানা।

অৰ্ধ শতাধিক প্ৰতিবন্ধীয়ে দিচপুৰ থানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে বহি প্ৰতিবাদ কৰাৰ ফলত আৰক্ষীয়ে প্ৰৱেশদ্বাৰত তলা লগাবলৈ বাধ্য হয়।

Apply Now

প্ৰতিবাদকাৰীসকলে গে’টৰ সন্মুখতে অৱস্থান লোৱাত থানালৈ অহা লোকসকলৰ লগতে আৰক্ষীও ভিতৰলৈ প্ৰৱেশ কৰাত বাধাৰ সন্মুখীন হয়। প্ৰায় আধাঘণ্টাৰ পাছত অতিৰিক্ত আৰক্ষী আয়ুক্ত হিমাংশু দাস আহি উপস্থিত হয় প্ৰতিবাদস্থলীত আৰু অভিযুক্তক ধৰাৰ বাবে আৰক্ষী বাহিনী পঠিয়াব বুলি আশ্বাস দিয়ে।

“আপোনালোকক মই কোনোদিন অৱহেলা কৰা নাই। মোৰ ওপৰত বিশ্বাস ৰাখক। মই পাৰ্টি পঠিয়াই আছো। আজিয়েই যাব মানুহ,” প্ৰতিবাদী প্ৰতিবন্ধীসকলক এই আশ্বাস দিয়ে অতিৰিক্ত আৰক্ষী আয়ুক্তগৰাকীয়ে।

সূত্ৰ অনুসৰি, অভিযুক্তক আটক কৰাৰ বাবে আৰক্ষীৰ দল ইতিমধ্যে ৰাওনা হৈছে।

প্ৰতিবন্ধীসকলৰ অভিযোগ মতে, তেওঁলোকৰ সংগঠনৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰক কোনো লোকে যোৱা কেইবামাহ ধৰি ফ’নযোগে ভাবুকি প্ৰদান কৰি আহিছে।

কিন্তু তিনিবাৰ অভিযোগৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাই।

“প্ৰথম এজাহাৰখন দিয়া হৈছিল ৩ অক্টোবৰ ২০১৮ত। উক্ত দিনা সন্ধিয়া প্ৰায় ৮ মান বজাত ৯৬৭৮৩৫৬২০৫ নম্বৰ ম’বাইলৰ পৰা অশ্লীল গালি-গালাজ পৰাৰ লগতে ‘তোক মই মাৰি শেষ কৰি দিম’ বুলি ভাবুকি দিছিল। তাৰ পাছতে মই কল ৰেকৰ্ডিংসহ দিচপুৰ থানাত এখন এজাহাৰ দাখিল কৰো। কিন্তু সেই ব্যক্তিক আজিলৈকে ধৰাৰ বাবে কোনো চেষ্টা নকৰিলে,” নৃপেন মালাকাৰে কয়।

সেই ঘটনাৰ পাছত যোৱা ৯ জুনত আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধীনত প্ৰতিবন্ধীসকলৰ বাবে অনুষ্ঠিত তৃতীয় বৰ্গৰ পদৰ নিযুক্তিৰ প্ৰশ্নকাকত ফাদিল হোৱা আৰু তাত মালাকাৰ জৰিত বুলি এখন বাতৰি কাকত আৰু এটা টি ভি চেনেলে বাতৰি প্ৰকাশ কৰিছিল।

তাক লৈয়ো মালাকাৰে দিচপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০বি/২৯৪/৫০০/৬৬ আই. টি. এক্ট আৰু ১৮৫৪/১৯ নম্বৰত এক গোচৰ ৰুজু কৰে।

“আনকি যোৱা ২১ জুনত কৰ্তৃপক্ষই ৱেবচাইটযোগে প্ৰশ্নোত্তৰসমূহ ৰাজহুৱা কৰিছিল। কিন্তু যোৱা ২৩ জুনৰ দিনা এখন দৈনিক বাতৰি কাকতত প্ৰশ্নকাকত ফাদিল হোৱা বুলি বাতৰি প্ৰকাশ পায়। উক্ত বাতৰিটোত মই জড়িত থকা বুলি অভিযোগ উত্থাপন হয়। এই সন্দৰ্ভত যোৱা ২৪ জুনত বাতৰি প্ৰকাশ পাই যদিও পাছত ২৮ জুনৰ দিনা প্ৰশ্ন কাকত ফাদিল হোৱা বিষয়টো এটা ব্যক্তিগত টেলিভিছিল চেনেল আৰু দৈনিক বাতৰি কাকতত পুনৰ প্ৰকাশ পায়। সেইবাৰ নৃপেন মালাকাৰ আৰু আৰক্ষীৰ নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰো অভিযুক্ত বুলি প্ৰকাশ পায়,” মালাকাৰে কয়।

কেইজনমান লোকে নগাঁৱত সংবাদমেল দিয়াৰ পাছতে দ্বিতীয়বাৰ বাতৰিটো প্ৰকাশ হৈছিল। নগাঁৱৰ লোককেইজনক আমি যোগাযোগ কৰাত লখিমপুৰৰ লোক এজনৰ কথামতে সংবাদমেল দিয়াৰ কথা কয়, মালাকাৰে জনায়।

তাৰ পাছত তেওঁ দিচপুৰ থানাত গোচৰ দিছিল যদিও কোনোধৰণৰ তদন্ত নহ’ল। “যোৱা ২৯ জুনৰ দিনা এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ আবেদন জনাই আৰক্ষী সঞ্চালক প্ৰধান, আৰক্ষী আয়ুক্তক এক স্মাৰক পত্ৰও প্ৰদান কৰো,” মালাকাৰে এইদৰে কয়।

ইপিনে, যোৱা ৭ জুলাইৰ দিনা মালাকাৰক পুনৰবাৰ ফোনযোগে এক অজ্ঞাত নম্বৰৰ পৰা ফোনযোগে সুৰক্ষা সংস্থাৰ কামৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে আৰু পৰিয়ালৰ সদস্যক হত্যাৰো ভাবুকি দিয়ে বুলি তেওঁ অভিযোগ কৰে।

তাৰ পাছতে মালাকাৰে ২০১০/১৯ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৫০৬/৫০৭ ধাৰাত এক গোচৰ ৰুজু কৰে। গোচৰ ৰুজু কৰাৰ ৪৮ ঘন্টা উকলি যোৱাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত মঙলবাৰে প্ৰতিবাদেৰে উত্তাল কৰি তোলে দিচপুৰ থানাৰ সন্মুখভাগ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd