ঘৰৰ ছাদতে মাছ পালন গুৱাহাটীৰ বিজ্ঞানীৰ, উৎপাদন-পৰিৱেশ-হবিৰ বিকল্প আদৰ্শ

Assam environmental scientist develops rooftop fishery in Guwahati

কাশ্যপৰ ঘৰৰ ছাদৰ মাছভৰা পুখুৰী।

উৎপাদনশীলতা, পৰিৱেশ অনুকূলতা আৰু হবিৰ এক বিকল্প আদৰ্শৰ চানেকিৰে নগৰৰ মাজ মজিয়াত পকী ঘৰৰ ছাদতে মাছৰ পুখুৰী গঢ়ি তুলিছে গুৱাহাটীৰ অমৰজ্যোতি কাশ্যপে।

কাশ্যপ পেছাত পৰিৱেশ বিজ্ঞানী।

গুৱাহাটীৰ হাতীগাঁৱত থকা নিজ ঘৰৰ ছাদত কাশ্যপে ১০০০ বৰ্গফুট এলেকাজুৰি গঢ়ি তুলিছে এটা প্ৰাকৃতিক পুখুৰী, কৰিছে মাছ পালন।

ছাদখনত কাশ্যপে কেইবা প্ৰজাতিৰো মাছ পুহিছে আৰু তেওঁৰ দুমহলীয়া ঘৰটোক পৰিণত কৰিছে অৱসৰ যাপনৰো এক প্ৰশান্তিদায়ক থলীৰূপে।

মাছ উৎপাদনৰ বাবে অসমৰ পৰিৱেশ অতি উত্তম যদিও আজিও ৰাজ্যখন মৎস্য উৎপাদনত স্বাৱলম্বী নহয়।

গুৱাহাটীত থলুৱা, জীয়া মাছৰ চাহিদা অধিক, সেই অনুপাতে দামো অত্যধিক। কিন্তু, বজাৰত ওলোৱা জীয়া মাছ, আনকি কুচিয়াও, ইউৰিয়া দি খেতি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

তেনে সময়ত কাশ্যপৰ “ছাদত মাছ পালন” নগৰীয়া লোকৰ বাবে নিশ্চয়কৈ ধন বচোৱা আৰু সতেজ মাছ খোৱাৰ উপায় হ’ব পাৰে।

পৰিৱেশ বিজ্ঞানৰ অধ্যাপকৰূপে অৱসৰ লোৱা কাশ্যপ এনভাইৰন নামৰ এটা বেচৰকাৰী সংস্থাৰ লগতো জৰিত।

সংস্থাটোৱে পৰিৱেশজনিত সমস্যাৰ মোকাবিলা কৰাৰ লগতে উত্তৰ-পূবৰ আৰ্থিক বিকাশৰ বাবেও কাম কৰে।

জাবৰ সংমিশ্ৰণৰ বাবে কাশ্যপে উদ্ভাৱন কৰা পদ্ধতিৰ বাবে তেওঁলৈ ২০১৭ বৰ্ষৰ “চলিদ ৱেইষ্ট ৰিচ’ৰ্চ মেনিজমেণ্ট এণ্ড এনভাইৰনমেণ্ট চেনিটেইশ্যন” (Solid Waste Resource Management and Environmental Sanitation)-শীৰ্ষক মিলেনিয়াম এলায়েন্স ইনভেইশ্যন সন্মান আগবঢ়োৱা হৈছিল।

এই বঁটা মিলেনিয়াম এলায়েন্স-এ আগবঢ়ায়।

ভাৰতে সন্মুখীন হোৱা বিভিন্ন বিকাশজনিত সমস্যা মোকাবিলাত সহায় কৰিব পৰা গৱেষণামূলক উদ্ভাৱন চিনাক্ত কৰাৰ উদ্দেশ্যৰে গঠিত মিলেনিয়াম এলায়েন্স বহুকেইটা গোলকীয় সংস্থাৰ যুটীয়া মঞ্চ।

কাশ্যপ উদ্ভাৱিত ৱেইষ্ট এছিমিলেইটৰটোৱে পাকঘৰৰ গোটা পচনযোগ্য জাবৰক খেতিত ব্যৱহাৰসাধ্য জৈৱিক পচন সাৰলৈ পৰিণত কৰে।