• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নীতি আয়োগৰ বিত্তীয় স্বাস্থ্য সূচকাংক ২০২৬: উত্তৰ-পূবৰ ভিতৰত পঞ্চম স্থানলৈ অৱনমিত অসম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:45 am
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ নীতি আয়োগে প্ৰকাশ কৰা বিত্তীয় স্বাস্থ্য সূচকাংক (ফিস্কেল হেল্থ ইণ্ডেক্স) ২০২৬-ত উত্তৰ-পূৰ্বাঞ্চল আৰু হিমালয়ৰ ৰাজ্যসমূহৰ ভিতৰত অসমে পঞ্চম স্থান লাভ কৰিছে। অৰুণাচল প্ৰদেশে ৫৯.৫ পইণ্টেৰে এই তালিকাত শীৰ্ষস্থান অধিকাৰ কৰাৰ বিপৰীতে অসমৰ স্থান ত্ৰিপুৰা আৰু মেঘালয়ৰো তলত। ৰাজ্যখনৰ ৰাজহ সংগ্ৰহ আৰু উন্নয়নমূলক ব্যয় বৃদ্ধি পোৱাৰ লগতে ঋণৰ ক্ষেত্ৰত কিছু সবল প্ৰদৰ্শন কৰিলেও, দুৰ্বল বিত্তীয় দূৰদৰ্শিতাৰ বাবে ৰাজ্যখনে এই সূচকাংকত আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম নহ’ল। উল্লেখযোগ্য যে, ২০১৫-১৬ বৰ্ষৰ একেটা মূল্যায়নত অসমে এই শ্ৰেণীত প্ৰথম স্থান লাভ কৰিছিল।

নীতি আয়োগৰ এই প্ৰতিবেদন অনুসৰি, ৫২.৫ পইণ্টেৰে উত্তৰাখণ্ড দ্বিতীয় আৰু তাৰ পাছতেই ত্ৰিপুৰাই স্থান লাভ কৰিছে। আনহাতে ৪১.৫ পইণ্টেৰে মেঘালয়ে চতুৰ্থ আৰু ৩৯.১ পইণ্টেৰে অসমে পঞ্চম স্থান লাভ কৰিছে। মূলতঃ ব্যয়ৰ গুণগত মান, ৰাজহ সংগ্ৰহ, বিত্তীয় দূৰদৰ্শিতা, ঋণৰ সূচকাংক আৰু ঋণৰ বহনক্ষমতা— এই পাঁচটা মাপকাঠীৰ ভিত্তিত ২০১৪-১৫ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষলৈ ৰাজ্যসমূহৰ বিত্তীয় গতিধাৰা বিশ্লেষণ কৰি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। মেঘালয়ে ব্যয়ৰ গুণগত মানত ভাল প্ৰদৰ্শন কৰাৰ বিপৰীতে অসমে ৰাজহ সংগ্ৰহ আৰু ঋণৰ সূচকাংকত উন্নত ফল দেখুৱাইছে। এই তালিকাত হিমাচল প্ৰদেশ আৰু মণিপুৰ ক্ৰমে একেবাৰে তলৰ স্থানত অৱস্থান কৰিছে।

Apply Now

প্ৰতিবেদনখনত অসমৰ ২০২৩-২৪ বৰ্ষৰ বিত্তীয় ৰূপৰেখা বিশ্লেষণ কৰি প্ৰকাশ কৰা অনুসৰি, ৰাজ্যখনৰ উন্নয়নমূলক ব্যয় ২০২০-২১ বৰ্ষৰ তুলনাত প্ৰায় ৩৯ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ লগতে অসমৰ নিজস্ব ৰাজহ সংগ্ৰহ ২০২০-২১ বৰ্ষৰ ২০,০৩৩ কোটি টকাৰ পৰা ২০২৩-২৪ বৰ্ষত ৩৪,০৮১ কোটি টকালৈ বৃদ্ধি পাইছে, যিটো প্ৰায় ১৪ শতাংশ যৌগিক বাৰ্ষিক বিকাশৰ হাৰ (CAGR) সূচায়। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত এই যোগাত্মক দিশৰ প্ৰতিফলন ঘটিলেও ৰাজ্যখন এতিয়াও কেন্দ্ৰীয় অনুদানৰ ওপৰত বহুলাংশে নিৰ্ভৰশীল। ২০২৩-২৪ বৰ্ষত ৰাজ্যখনৰ মুঠ ৰাজহ প্ৰাপ্তিৰ ৩৮.৪ শতাংশই আছিল কেন্দ্ৰীয় পুঁজি। আনহাতে, ২০২৩-২৪ বৰ্ষত মুঠ ব্যয়ৰ প্ৰায় ৬৪ শতাংশ উন্নয়নমূলক শিতানত খৰচ হৈছে যদিও এয়া ২০২০-২১ বৰ্ষৰ ৬৯ শতাংশতকৈ কিঞ্চিৎ কম।

অসমৰ বিত্তীয় স্থিতিৰ আন এক উদ্বেগজনক দিশো এই প্ৰতিবেদনত উন্মোচিত হৈছে। ৰাজ্যখনৰ ৰাজহ ব্যয় আৰু পূৰ্বনিৰ্ধাৰিত দায়বদ্ধ ব্যয়ৰ হাৰ অত্যন্ত বেছি হোৱাৰ ফলত নতুন আঁচনি গ্ৰহণৰ ক্ষেত্ৰত বিত্তীয় নমনীয়তা বহু পৰিমাণে হ্ৰাস পাইছে। প্ৰতিবেদন অনুসৰি, ৰাজ্যৰ মুঠ ৰাজহ প্ৰাপ্তিৰ ৬২ শতাংশতকৈয়ো অধিক ধন কেৱল দায়বদ্ধ ব্যয়তেই খৰচ হয়। ইয়াৰ উপৰি, ২০২০-২১ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষৰ ভিতৰত ৰাজ্যখনৰ বকেয়া দায়বদ্ধতা আৰু সুতৰ পৰিমাণ ক্ৰমে ৬৭ শতাংশ আৰু ৫৭ শতাংশ বৃদ্ধি পাইছে। ধাৰাবাহিকভাৱে ঋণ গ্ৰহণ কৰাৰ ফলত ৰাজ্যখনৰ ঋণ পৰিশোধৰ বোজা বৃদ্ধি পাইছে আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ৰাজ্যখনৰ সামগ্ৰিক বিত্তীয় স্বাস্থ্যৰ ওপৰত পৰিছে বুলি নীতি আয়োগৰ প্ৰতিবেদনত স্পষ্টভাৱে প্ৰকাশ পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd