• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা
September 24, 2023 7:18 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

”অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা” এই মন্তব্য অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ ৷ আজি মাৰ্ঘেৰিটাত উপস্থিত হয় অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ৷ 

উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত অনুস্থিত হোৱা এখন দলীয় কৰ্মী সভাত উপস্থিত হৈ বহু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে দলৰ সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ৷ বিশেষকৈ নৱ গঠিত জিলা সমষ্টি সমূহক অধিক শক্তিশালী কৰায়েই দলৰ প্ৰধান উদ্দেশ্য বুলি মন্তব্য প্ৰদান কৰে সভাপতি অতুল বৰাই৷ 

Apply Now

অসম গণ পৰিষদ দলে ৰাজ্যৰ আগন্তুক পঞ্চায়ত আৰু লোকসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি তিনিচুকীয়া জিলাৰ উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত তিনিচুকীয়া জিলা সমিতিৰ সহযোগত অসম গণ পৰিষদ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ উদ্যোগত লোকসভা সমষ্টিভিত্তিক এখনি বিশাল কৰ্মী সভা অনুষ্ঠিত কৰে। 

সন্মিলনখনৰ সভাপতিত্ব কৰে দলৰ সভাপতি মন্ত্রী অতুল বৰাই। তিনিচুকীয়া জিলাখনৰ সমষ্টিসমূহৰ সভাপতি, সম্পাদক, জিলা পৰিষদ, আঞ্চলিক পৰিষদ প্ৰমুখ্যে আন আন বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলৰ লগতে ভাতৃ ভগ্নী সংগঠনসমূহৰ সদস্যসকলো উপস্থিত থাকে। 

সভাত অনাগত লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰা হয়। দলৰ সভাপতিগৰাকীয়ে দলটোক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত দলীয় কৰ্মকৰ্তাসকলক জনসংযোগ বৃদ্ধিৰ বাবে নিষ্ঠা আৰু সমৰ্পিত মনোভাৱেৰে আগ বাঢ়িবলৈ আহ্বান জনোৱাৰ লগতে দললৈ আৰু অধিক ডেকা তেজৰ আগমন ঘটাবলৈ বদ্ধপৰিকৰ বুলি বক্তব্য ৰাখে। 

মন্ত্ৰী বৰাই কংগ্ৰেছৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা মাহী আইৰ দৃষ্টিৰ আজিও পৰিবৰ্তন নহ’ল বুলি বিষোদগাৰ প্ৰকাশ কৰে। ইয়াৰ উপৰিও তেওঁ কংগ্রেছ এতিয়া অস্তমিত সূৰ্য বুলি কংগ্রেছৰ কেন্দ্রীয় নেতৃত্বৰ পৰা অসমৰ ৰাজ্যিক নেতৃত্বলৈ ৰাইজৰ লগত নূন্যতম জনসংযোগ নোহোৱাৰ বিষয়টো দাঙি ধৰি কংগ্রেছক জনসংযোগবিচ্ছিন্ন হতাশাগ্রস্ত দল বুলি অভিহিত কৰে। 

দলৰ কৰ্মকৰ্তাসকলক উত্তৰ-পূৰ্ব বিৰোধী কংগ্রেছ দলৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ’বলৈ সভাপতিগৰাকীয়ে উদাত্ত কন্ঠে আহ্বান জনায়। সভাত অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে কৰ্মীসকলৰ কৰ্মস্পৃহা আৰু পৰিকল্পনাৰ ওপৰতেই দলৰ সফলতা নিৰ্ভৰ কৰে। আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত দলে আশানুৰূপ ফলাফল দেখুওৱাৰ বাবে দলৰ প্ৰতিগৰাকী সদস্যক এতিয়াৰে পৰা একাগ্ৰতাৰে কাম-কাজত আত্মনিয়োগ কৰিবলৈ আৰু সন্মুখলৈ অহা প্ৰত্যাহ্বানকো নেওচি প্ৰতিজন দলীয় বিষয়ববীয়া, সদস্যক নিৰন্তৰভাৱে দলৰ পৰিকাঠামো সুদৃঢ় কৰিবলৈ কাৰ্যকৰী সভাপতি মহন্তই আহ্বান জনায়। 

আজিৰ সভাত অগপৰ ভাতৃ-ভগ্নী সংগঠনসমূহৰ সভাপতি, সম্পাদকসকলৰ লগতে বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। সভাত দলে সাংগঠনিক দিশটো অধিক টনকিয়াল কৰাৰ উদ্দেশ্যে কিছু বিশেষ কৰ্মসূচী ঘোষণা কৰে। উক্ত কৰ্মসূচী অনুসৰি লোকসভা সমষ্টিৰ অন্তৰ্গত বিধান পৰিষদৰ মণ্ডল পৰিষদ আৰু পঞ্চায়ত পৰিষদ সমূহ তথা ৱাৰ্ড পৰ্যায়ত সাংগঠনিক সভা-সমিতি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে। 

অন্যহাতে বজালী জিলা গঠনৰ সন্দৰ্ভত কেবিনেটে গঠন কৰি দিয়া তিনিজনীয়া উপসমিতিয়ে অহা ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ বাবে প্ৰস্তুত থকা বুলি মত প্ৰকাশ কৰাৰ লগতে জিলাখনৰ প্ৰতিটো অঞ্চলৰ ৰাইজৰ সৈতে ১৫ দিনৰ ভিতৰত মত বিনিময় লিপ্ত হব বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰে অতুল বৰাই। 

আজিৰ অগপৰ কৰ্মী সভাই তিনিচুকীয়া জিলা খনত অগপৰ আঞ্চলিকতাবাদী ভেটি শক্তিশালী কৰিব বুলি আশা ব্যক্ত কৰিছে দলটোৰ নেতৃত্বই। আজিৰ সমগ্ৰ অনুষ্ঠাটো আঁ‌ত ধৰা কেন্দ্ৰীয় কাৰ্য্যনিবাহক সদস্য সঞ্জীৱ বৰাৰ নেতৃত্ব অনুষ্ঠিত কৰ্মী সভাখনৰ আৰম্ভণিতে দলৰ পতাক উত্তোলন কৰে অগপৰ মাৰ্ঘেৰিটা বিধান পৰিষদৰ সভাপতি প্ৰদীপ গগৈয়ে। 

সমাজত ভক্তিচেতনাৰ নিজৰা বোৱাই যোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জীৱনাদৰ্শ প্ৰতিজন অসমীয়াৰ বাবেই প্ৰেৰণাৰ উৎস। গুৰুজনাৰ ৫৭৫ তম জন্মোৎসৱৰ আজিৰ পৱিত্ৰ দিনটোত কৰ্মী সভাৰ মঞ্চত উপবিষ্ট হোৱাৰ পূৰ্বে অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত , চাবুৱাৰ  বিধায়ক পোনাকণ বৰুৱা আৰু কেইবাগৰাকীও সতীৰ্থৰ সৈতে উত্তৰ মাৰ্ঘেৰিটা নামঘৰত উপস্থিত হৈ গুৰুজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনোৱাৰ ওপৰিও ৰঙ্গমঞ্চৰ সন্মুখত থকা ছহিদ বেদীত শ্ৰদ্ধাঞ্জলি জনায় অগপৰ নেতৃত্বই।

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd